বিজনী, 17 মে' : চিৰাং জিলীৰ বিজনীৰ পাণবাৰী বজাৰত 'ছচাইটি ফ'ৰ ব্ৰাইট ফিউছাৰ' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে বিজনী মহকুমা আৰক্ষী প্ৰশাসনৰ সহযোগত মাক্স আৰু ছেনিটাইজাৰ বিতৰণ কৰে ৷
কাৰ্যসূচীৰ লগত সংগতি ৰাখি ক’ভিড নীতি নিয়ম অনুসৰি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । উক্ত কাৰ্যসূচীত ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ পৰিষদ ধনঞ্জয় বসুমতাৰী, বে-চৰকাৰী সংস্থাটোৰ সভাপতি তথা আহ্বায়ক ৰুহুল আমিন, উপ সভাপতি মেহদি আলম আৰু সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানৰ উপৰিও বহুকেইজন কৰ্মী উপস্থিত থাকে ।