অসম

assam

By

Published : Nov 30, 2020, 7:44 AM IST

ETV Bharat / state

এখন বাঁহৰ দলঙে উদঙাইছে হাগ্ৰামাৰ মডেল বিটিচিৰ ফোঁপোলা স্বৰূপ

এখন বাঁহৰ দলঙৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ পকীকৰণৰ বাবে চৰকাৰী কাৰ্যালয়লৈ তাঁত বাতি কাঢ়ি ভাগৰিছে অঞ্চলবাসী ৷ তথাপিও কাণসাৰ নিদিয়াৰ অভিযোগ ৷

Chirang Non develop area
১৭ বছৰে একেই থাকিল এখন বাহৰ দলং

চিৰাং, 30 নৱেম্বৰ : চিৰাঙৰ ১৪নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ এখন দলঙৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ কিয়নো এখন বাঁহৰ দলঙেৰে দৈনন্দিন অহা-যোৱা কৰিবলগীয়া হৈছে সাধাৰণ পথচাৰী ৷ চিৰাঙৰ ভুৰ তিনিআলী সংযোগী এই বাঁহৰ দলং খন সলনি কৰাৰ বাবে বিগত ১৭ বছৰে কোনো প্ৰকাৰে ব্যৱস্থা নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ সমান্তৰালভাৱে স্থানীয় লোকে কেইবাবাৰো এই দলংখন পকীকৰণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আৱেদন নিবেদন কৰিছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰি দলংখন পকীকৰণৰ পুনৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

১৭ বছৰে একেই থাকিল এখন বাহৰ দলং

উল্লেখ্য, ৩১ নং চিদলী বিধান সভা সমষ্টি তথা বিটিচিৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ৰাইজে অভিযোগ তুলিছে উন্নয়নৰ অনগ্ৰসৰতাৰ । মন্ত্ৰী চন্দন ব্ৰহ্ম তথা বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য খাম্পা বৰগয়াৰীৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চল ।

১৭ বছৰে একেই থাকিল এখন বাহৰ দলং

লগতে পঢ়কঃঅসমলৈ অনা হ’ল JEE কাণ্ডৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক

ABOUT THE AUTHOR

...view details