চিৰাং,7 মে': যি সময়ত সমগ্ৰ দেশ তথা বিশ্বতে কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ঠিক সেই সময়তে চিৰাং জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে। জিলাখনৰ প্ৰায় 70 কি:মি: অঞ্চল আছে ভাৰত-ভূটান সীমান্তত ৷ কিন্তু সমগ্ৰ অঞ্চল বৰ্তমানেও হৈ আছে উন্মুক্ত ৷ বিগত বছৰৰ পৰা চিৰাঙৰ দাদগিৰি হাতীসাৰৰ ভূটানৰ গেলেফু গেটখন নামতহে বন্ধ হৈ আছে ৷ বাকী অঞ্চলসমূহ কিন্তু বৰ্তমানেও মুকলি হৈ আছে ৷ দৈনিক শ শ ট্ৰাক চিৰাঙৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰি আছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে ৷
উন্মুক্ত ভাৰত-ভূটান সীমান্তই বিপদ মাতিছে চিৰাঙবাসীলৈ - সীমান্তৰ উন্মুক্ত অঞ্চলে বিপদ মাতিছে চিৰাঙবাসীলৈ
ভাৰত-ভূটান সীমান্তৰ উন্মুক্ত অঞ্চলে শংকিত কৰি তুলিছে চিৰাঙত থকা সীমান্তবাসী ৷ কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে দৈনিক শ শ ট্ৰাক চিৰাঙৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰি আছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে ৷
ভাৰত-ভূটান সীমান্তৰ উন্মুক্ত অঞ্চলে বিপদ মাতিছে চিৰাঙবাসীলৈ
কিন্তু ভাৰতৰ পৰা যোৱা প্ৰতিখন বাহনক ভূটানত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ভূটান প্ৰশাসনে ৷ কিন্তু অসমত দুই-তিনি দিনলৈকে ৰৈ থাকে ভূটানৰ পৰা অহা ট্ৰাক সমূহ ৷ থকা,খোৱা, ঘূৰা-ফুৰাত নাই কোনো বাধা, নাই কোনো ক'ভিড পৰীক্ষাৰ ব্যৱস্থা । সম্পূৰ্ণ ৰূপে মুকলিভাৱে ঘূৰি আছে ট্ৰাকৰ চালক সকল । সীমান্তৰ বৃহত্তৰ অঞ্চলত ক'ভিড পৰীক্ষাৰ কোনো ব্যৱস্থা নোহোৱাত শংকিত হৈ পৰিল সীমান্তবাসী ৷
লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ