চিৰাং, 28 জুলাই :চিৰাং জিলাৰ অন্তৰ্গত ১২৭ চি নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জলা-কলা খোৱাইছে পথচাৰীক ৷ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ স্যামথাইবাৰীৰ পৰা ৰুনিখাতা হৈ ভূটানৰ গেলেফুলৈ যোৱা এই পথছোৱাৰ মাজত আছে কেবাটাও পুখুৰী সদৃশ গাঁত ৷ দিনে দিনে জৰাজীৰ্ণ ৰূপ লৈছে ঘাইপথটোৱে ৷ পথছোৱাৰ অৱস্থা ইমানেই বিধ্বস্ত হৈ পৰিছে যে, মাত্ৰ ২৫ কিল'মিটাৰ পথ অতিক্ৰম কৰিবলৈ পথচাৰীক প্ৰায় 2-3 ঘন্টাৰ প্ৰয়োজন হয় ৷
ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ গাঁতঃ বিপদসংকুল যাতায়ত ৰাইজৰ
চিৰাঙৰ জৰাজীৰ্ণ এটা ৰাষ্ট্ৰীয় ঘাইপথ । পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । এই পথেৰেই বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সময়ছোৱাত সঘনাই মন্ত্ৰী বিধায়কসকলে যাতায়ত কৰিছিল ৷ চিদলী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে প্ৰায়ে এই পথেৰে যাত্ৰা কৰিছে । তৎসত্বেও পথছোৱা মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমোলাসকলে ৷
এই শোচনীয় পথছোৱাৰে স্কুলীয়া বাহনৰ লগতে এম্বুলেন্সেও যাতায়ত কৰে ৷ বিপদ সংকুল পথছোৱাৰে ৰোগীয়ে চিকিৎসালয়লৈ যাওতেই ৰোগীৰ অৱস্থা অতি গম্ভীৰ হৈ পৰে ৷ কিন্তু এইবোৰলৈ মন-কাণ নাই বিভাগীয় কতৃপক্ষৰ ৷ ইয়াৰোপৰি, এই পথেৰেই বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সময়ছোৱাত সঘনাই মন্ত্ৰী বিধায়কসকলে যাতায়ত কৰিছিল ৷ চিদলী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে প্ৰায়ে এই পথেৰে যাত্ৰা কৰে । তৎসত্বেও পথছোৱা মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমোলাসকলে ৷
ভূটানৰ গেলেফুৰ পৰা ওলোৱা ভূটানী নাগৰিকৰ এইটোৱে মূল পথ । চিৰাং জিলাৰ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২০/২৫ হাজাৰ লোকে নিতৌ এই পথছোৱাৰে যাতায়াত কৰে । কিন্তু ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ, বিটিচি প্ৰশাসন বা অসম চৰকাৰৰ কোনেও এই পথচোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই ।