চিৰাং, 12 চেপ্তেম্বৰঃচিৰাং জিলাৰ এটা অতিকে শোচনীয় ৰাষ্ট্ৰীয় ঘাইপথ । জিলাখনৰ ভাৰত-ভূটান সংযোগী ১২৭ (চি) ৰাষ্ট্ৰীয় ঘাইপথটোৰ শোচনীয় অৱস্থাই ৰাইজক অসুবিধাত পেলাইছে । যাৰফলত একেবাৰে যাতায়াতৰ অনুপযোগী হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো। ৩১নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ স্যামথাইবাৰীৰ পৰা ভূটানৰ গেলেফু সংযোগী ১২৭(চি) ৰাষ্ট্ৰীয় ঘাই পথচোৱা প্ৰায় তিনিবছৰৰ পৰা বেয়া হৈ পৰাৰ পিচতো আজিলৈকে মেৰামতি কিম্বা নিৰ্মাণৰ বাবে কোনো পদক্ষেপ হাতত নল'লে গড়কাপ্তানী বিভাগে ৷ বিভাগটোৰ অকৰ্মন্যতাৰ বাবে পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ।
চিৰাঙৰ ১২৭নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ শোচনীয় অৱস্থা
চিৰাং জিলা প্ৰশাসন,বিটিচি প্ৰশাসন অথবা অসম চৰকাৰ বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিগত তিনি বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিপদত পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।
বহুদিন ধৰি এনেকৈয়ে স্থানীয় ৰাইজে যাতায়াত কৰি আহিছে ৷ চৰকাৰেও কোনো গুৰুত্ব আৰোপ কৰা নাই পথচোৱা মেৰামতিৰ ক্ষেত্ৰত । জৰুৰীকালীন অৱস্থাত ৰোগীক হাস্পতাললৈ অনা নিয়া কৰাৰ ক্ষেত্ৰতো যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ ৷ কিন্ত চিৰাং জিলা প্ৰশাসন,বিটিচি প্ৰশাসন অথবা অসম চৰকাৰ বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিগত তিনি বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিপদত পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে টোল গেট স্থাপন কৰি টকা সংগ্ৰহ কৰিছে ঠিকেই কিন্ত ৰাষ্ট্ৰীয় ঘাই পথ সমুহৰ মেৰামতিহে কৰা পৰিলক্ষিত হোৱা নাই।