অসম

assam

ETV Bharat / state

অস্ত্ৰ এৰি মূল সূঁতিলৈ আহিব এনডিএফবি (এছ)

চৰকাৰৰ সৈতে হোৱা শান্তি চুক্তিৰ পিচতে সশস্ত্ৰ সংগঠনটোৰ সম্পাদক আৰু সভাপতি পৰিয়ালত এতিয়া আনন্দৰ ঢৌ ।

এন ডি এফ বি (এছ)
এন ডি এফ বি (এছ)

By

Published : Jan 20, 2020, 5:14 PM IST

চিৰাং, 20 জানুৱাৰীঃশোণিতপুৰ জিলাৰ গহপুৰৰ পৰা আহি চিৰাং জিলাৰ বেংতল কলেজত ইতিহাসৰ প্ৰৱক্তা হিচাবে যোগদান কৰিছিল ৰঞ্জিৎ বসুমতাৰীয়ে ৷ বসুমতাৰীৰ সৈতে আহিছিল পত্নী মনিকা বসুমতাৰী আৰু মাতৃ মাইনু বসুমতাৰী । তাৰ পাচতেই পৰিয়ালটোলৈ আৱিৰ্ভাৱ ঘটে পাঁচজনী জীয়ৰীৰ ৷ কিন্তু হঠাতেই 2013 চনত বেংতল কলেজ প্ৰাদেশীকিকৰণ হোৱাৰ আগে আগেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰা ৰঞ্জিৎ বসুমতাৰীয়ে শিক্ষাগত অৰ্হতাৰ নথিৰ প্ৰয়োজনত যাবলগীয়া হোৱা বুলি ওলাই যায় ঘৰৰ পৰা ৷

যি ওলাই গ’ল তাহানিও উভতি নাহিল ৰঞ্জিৎ বসুমতাৰী ৷ কিছু দিনৰ পিচত পোহৰলৈ আহিল এনডিএফবিত যোগদান কৰাৰ কথা ৷ তাতেবি আৰ ফেৰেংগা নামলৈ এনডিএফবি (এছ) ৰ সংগঠনটোৰ সম্পাদক হয় গৈ বসুমতাৰী । আনহাতে একেখন জিলাৰেই চিদলী থানাৰ অন্তৰ্গত বামুনগাঁৱৰ দত্তপুৰ ডাংসিবাৰীত এনডিএফবি(এছ) ৰ সভাপতি বি চাওৰাইগৌৰাৰ বাসগৃহ । সভাপতি বি চাওৰাইগৌৰাৰ পৰিয়ালত আছে পিতৃ জগৰ বসুমতাৰী আৰু মাতৃ ৰেবেকা বসুমতাৰীৰ সৈতে নাতি-নাতিনী আৰু পাঁচজন পুত্ৰ সন্তান আৰু তিনি জীয়ৰী ।

পাঁচ কিলোমিটাৰ নিলগে-নিলগে থকা দুয়ো উগ্ৰপন্থী সভাপতি আৰু সম্পাদকগৰাকীৰ পূৰ্বতে সম্পৰ্ক আছিল গুৰু-শিষ্যৰ দৰে ৷

পিতৃৰ ভাষ্য অনুসৰি ২০০৪-০৫ চনতেই বেংতল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল চাওৰাইগৌৰাই । শান্ত-শিষ্ট স্বভাৱৰ অমৰ বসুমতাৰী ওৰফে ছাইকঙ যোৱা ২০০৮ চনতেই হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হয় । পিচলৈ এনডিএফবিত যোগদানৰ তথ্য লাভ কৰে পৰিয়ালটোৱে । ম্যানমাৰত আশ্ৰয় লৈ পিচলৈ উগ্ৰপন্থী সংগঠনটোৰ ছংবিজিত গোটৰ সভাপতি হিচাপে প্ৰতিষ্ঠা লাভ কৰে ছাইকঙে । উল্লেখ্য যে, সংগঠনটোৰ সম্পাদক বি আৰ ফেৰেংগা অৰ্থাৎ ৰঞ্জিৎ বসুমতাৰী যেতিয়া বেংতল কলেজত ইতিহাসৰ প্ৰৱক্তা আছিল তেতিয়াই তেওঁৰ ছাত্ৰ আছিল ছাইকং তথা বৰ্তমানৰ বি চাওৰাইগৌৰা ।

অস্ত্ৰ এৰি মূল সূঁতিলৈ আহিব এন ডি এফ বি (এছ)

এতিয়া শেহতীয়াকৈ চৰকাৰৰে হোৱা শান্তি চুক্তিৰ পিচতে দুয়োটা পৰিয়ালৰ লোকে পাইছে আশাৰ ৰেঙনি ৷ দীৰ্ঘ দিনৰ মুৰত ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি আহিব । পৰিয়াল তথা গাঁওবাসী মৃত বুলি ধৰি লোৱা অমৰ বসুমতাৰী এতিয়া চাওৰাইগৌৰা হৈ উভতিব ঘৰলৈ । অৱশ্যে এতিয়াও ঘৰলৈ ওভতি অহা নাই লোক কেইজন । হয়তো কিছু দিনৰ পিচতেই ঘৰলৈ ওভতি আহিব তাৰে আশাৰে বাট চাইছে পৰিয়ালৰ লোকে ।

ABOUT THE AUTHOR

...view details