অসম

assam

By

Published : Jul 26, 2020, 1:05 PM IST

ETV Bharat / state

প্ৰাক্তন NDFB সদস্য সকলক কোনে জড়িত কৰাইছে অসামাজিক কামত ?

BTR শান্তি চুক্তিৰ পাচত NDFB (s)ৰ নেতৃত্বৰ মাজত সংঘাত হৈছে নেকি ? BPFয়ে NDFBৰ প্ৰাক্তন সদস‍্যৰে কি অসামাজিক কাম কৰাই আছে ? ৰাজনৈতিক সংঘাত হৈছে নেকি নেতৃত্বৰ মাজত ? সকলো খুলি কলে NDFBৰ প্ৰাক্তন সম্পাদক তথা UPPL দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেঙ্গাই ।

BR Ferenga comment
NDFBৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেঙ্গাৰ মন্তব্য

চিৰাং, 26 জুলাই : কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰে শান্তি আলোচনাৰ জৰিয়তে মূল সূঁতিলৈ ঘুৰি অহাৰ পাচত চিৰাঙত NDFB (s)ৰ প্ৰাক্তন সম্পাদক ৰঞ্জিত বসুমতাৰী (বি আৰ ফেৰেঙ্গা) নামি পৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত । উগ্ৰপন্থী সংগঠনটোৰ সভাপতি গৰাকীয়ে BPF দলত যোগদান কৰাৰ লগতে UPPL দলত যোগদান কৰি BTCৰ পৰিষদীয় নিৰ্বাচনত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে ।

সভাপতি অমৰ বসুমতাৰী/ছাইকং বসুমতাৰী (বি ছাউৰাইগ্ৰা)য়ে BPF দলৰ হৈ 13 নং চিৰাং BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে 24 নং চিৰাং দুৱাৰ সমষ্টিত UPPL দলৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰতিদন্দ্বিতা আগবঢ়ায় সম্পাদক ৰঞ্জিত বসুমতাৰী (বি আৰ ফেৰেঙ্গা)য়ে । উল্লেখ্য যে, কৰ’ণাতংকৰ মাজতে জিলাখনৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই বহু কথা ব্যক্ত কৰে সম্পাদক গৰাকীয়ে ।

তেওঁ কয় যে, ‘‘BTC চুক্তি মতে, ক্ষুদ্ৰ উদ্যোগ হিচাপে BPFয়ে মাথো শিল ভঙা কোৱাৰী আৰু অবৈধ কাঠ ফলা কলসমূহহে স্থাপন কৰে । মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পাচতো ঠায়ে ঠায়ে অবৈধ খননেৰে শিল বালি ওলাই আছে । মই নকওঁ যে, ইয়াত মুখ্যমন্ত্ৰী জড়িত আছে ৷ কিন্তু তেওঁ কিয় এই অবৈধ কাৰ্য নিয়ন্ত্ৰণ কৰিব পৰা নাই সেয়াহে ডাঙৰ কথা । এইটো তদন্ত কৰিলেই ওলাই পৰিব’’ ।

NDFBৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেঙ্গাৰ মন্তব্য

লগতে তেওঁ কয় যে, ‘‘আমি UPPL দলে কেতিয়াও আৱেগিকভাৱে মানুহক ব্লেকমেইল নকৰো । আমি ৰাইজৰ লগত আছো বাবেই আমি মিছা প্ৰতিশ্ৰুতি দিবলগীয়া নহয় । সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ আমি BTC অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰি আছো । BTR চুক্তি ৰূপায়নৰ বাবে আমি চিন্তা-চৰ্চাৰে আগবাঢ়ি আছোঁ কিন্তু BPFয়ে বিচৰা নাই । NDFBৰ প্ৰাক্তন কৰ্মীসকল BPFলৈ কিয় গৈছে সেয়া আমি জানো । BPFয়ে NDFBৰ প্ৰাক্তন কৰ্মীসকলক বিভিন্ন অসামাজিক কামত জড়িত কৰাইছে’’ ।

‘‘NDFBৰ প্ৰাক্তন কৰ্মীসকলে BPFৰ লগত থাকি চিৰাং-কোকৰাঝাৰ জিলাৰ বনাঞ্চল ধ্বংস কৰি আছে, অবৈধভাৱে কাঠ কাটি আছে আৰু এই কথা বন বিভাগৰ লগতে উৰ্ধতম মহলেও জানে । BPFয়ে বন ধ্বংস কৰি আছে । BTC নিৰ্বাচন আকৌ 4-5 মাহৰ বাবে পিছুৱালে BTCৰ বনাঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হ’ব । BPF দলে প্ৰত্যক্ষভাৱে বন ধ্বংস কৰি আছে । মই কাকো মিছা প্ৰতিশ্ৰুতিৰে ভুল পথেৰে গ্ৰহণ নকৰো । গতিকে মোৰ লগত থকা সদস্যসকলে কোনো লোভত থকা নাই’’ ।

NDFBৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেঙ্গাৰ নিৰ্বাচনী প্ৰচাৰ

‘‘ছাউৰাইগ্ৰাৰ লগত বাথা আৰু দুজনমান সদস্য আছে আৰু কিয় আছে সেয়া সকলোৱে জানে । বিদাই কাৰো লগতে নাই । বিদাইৰ সৈতে ফটো তুলি সামাজিক মাধ্যমত ভাইৰেল কৰি আছে । বিদাইক আৱেগিক কৰি নিজৰ লগত ৰখাৰ চেষ্টা কৰিছে ছাউৰাইগ্ৰাই । আমি UPPLয়ে সকলো নিয়ম মানি নিৰ্বাচনী প্ৰচাৰ চলাই আছো । BPFয়ে জানি-বুজি ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে । বিপিএফে নিজৰ পৰ্যবেক্ষণ মতে UPPLয়ে জয়ী হোৱাৰ সমীক্ষা দি আছে’’ ।

আনহাতে, NDFBৰ সভাপতি-সম্পাদকৰ মাজত হোৱা সংঘাতৰ বিষয়েও মুখ খুলিছে বি আৰ ফেৰেঙ্গাই ৷

লগতে পঢ়ক : ৰঙাপৰাত ভুৱা পৰিচয়েৰে ধৰ্মান্তকৰণৰ চেষ্টা কিশোৰীক

ABOUT THE AUTHOR

...view details