চিৰাং,29 নৱেম্বৰঃ বিটিচিৰ নিৰ্বাচনৰ মাৰাথন প্ৰচাৰত ব্যস্ত কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰণীয়া । প্ৰতিটো পৰিষদীয় সমষ্টীৰ বুথ কমিটীৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰাত নিজেই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । চিৰাঙৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ হাশ্ৰাওবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ অন্তত সাংসদ জনে কয় যে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিটিচিৰ বড়ো-অবড়োৰ কাজিয়াত নোসোমোৱাই ভাল । কাৰণ এই কাজিয়াৰ গভীৰতা ইমানেই যে, ইয়াত সোমোৱা দল সমূহৰ দিছপুৰ অভিযানত যতি পৰিব পাৰে বুলি শৰণীয়াই কয় । আজি বিটিচিৰ যি সমূহ প্ৰধান সমস্যা যেনে ভূমিৰ সমস্যা, জনজাতীকৰণ, ভাষাৰ সমস্যা আদি । সাংসদ জনে কয় যে, ব্যাক্তিগত ভাৱে কাৰো লগত কোনো মনোমানিল্য নাই । কিন্ত ৰাষ্ট্ৰীয় দল বিটিচিত আহিলেও বিটিচি বাসীয়ে আমাৰ পিনেহে গভীৰ আশাৰে বাট চাই আছে । সেয়ে বিটিচি বাসীৰ স্বাৰ্থতকৈ কোনো ৰাজনৈতিক দলৰ আকাঙ্খা বা ৰাজনৈতিক মতাদৰ্শ আমাৰ বাবে ডাঙৰ নহয় ।
সাংসদ জনে স্পষ্টভাৱে কয় যে, সন্মুখত বাঘ, সিংহ, শিয়াল যিয়ে আহিব সেই লৈ আমাৰ কবলগীয়া নাই, আমি মাথো যুঁজিম । আমাৰ মূল মন্ত্ৰই হ’ল যুঁজিম, জিকিম আৰু ইয়াত বাচি থাকিম । মোৰ ধাৰণা, আমাৰ এই মন্ত্ৰৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে । যিহেতু আমাৰ এজেণ্ডা সমূহ মোৰ নহয়, ৰাইজৰ হে। ৰাইজৰ এজেণ্ডাক মই মাথো পৰিকল্পনাৰে আগুৱাই লৈ গৈছো । ৰাইজে মোক ভোট দান কৰি নিজৰ অধিকাৰেৰে জীয়াই থকাৰ সুবিধা লাভ কৰিছে । ইয়াৰ প্ৰমান দুবাৰকৈ ৰাইজে দিছে মোক ভোটদানেৰে জয়ী কৰাই । মোৰ মতে বিটিচি নিৰ্বাচন জিকাটো মোৰ কাৰণে সৰু কথা । পূৰ্ৱতে হাৰা বাজি জিকিছিলো আৰু এতিয়া জিকা বাজি আমি কেতিয়াও নাহাৰো বুলিও কয় সাংসদ শৰণীয়াই । বিজেপি-বিপিএফৰ কাজিয়া গিৰিয়েক ঘৈনিয়েকৰ কাজিয়া । সমাজত গিৰিয়েক ঘৈনিয়েকৰ কাজিয়া হয় বুলিয়ে তালাক নহয় সদায় । এই বিজেপি-বিপিএফৰ কাজিয়া চকীক লৈহে । একেদৰেই বিপিএফ ইউপিপিএলৰো চকি লৈ কাজিয়া, মতাদৰ্শ লৈ নহয় বুলি কয় সাংসদ জনে ।