চিৰাং, 20 আগষ্ট : চিৰাঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পাচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী । যোৱা ১৫ আগষ্ট দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ সন্ধিয়া এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বক ভাৱে ঘৰৰ ওচৰৰ পৰা উঠাই আনি চিৰাং জিলা সদৰ কাজলগাঁৱৰ নিকটৱৰ্তী ঢালিগাঁৱৰ বৰতালোৱাত ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ ওপৰত এখন বলেৰ' গাড়ীৰ ভিতৰত নাবালিকাক ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছিল । । ইতিমধ্যে এই লজ্জাজনক ঘটনাৰ পাঁচ দিন উকলি যোৱাৰ পিচতো আৰক্ষীয়ে এই জঘন্য ঘটনাৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীৰ এই ব্যৰ্থতাক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত বিষয়টো লৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিচমুতিয়াৰী, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্য্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ চমুকৈ আবৌফৰ চিৰাং জিলা সমিতিৰ সভানেত্ৰী প্ৰভাদেৱী ব্ৰহ্ম সহ এক সজাতি দলে আজি চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰক সাক্ষাৎ কৰি অতিশীঘ্ৰেই দোষীক শাস্তিৰ দাবী উত্থাপণ কৰে ।
চিৰাঙৰ নাবালিকা ধৰ্ষণ কাণ্ডঃ অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী - পাঁচ দিন পাচতো অপৰাধীক গ্ৰেপ্তাৰৰ কৰিবলৈ অসমৰ্থ
চিৰাঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পাচতো অপৰাধীক গ্ৰেপ্তাৰৰ কৰিবলৈ অসমৰ্থ হোৱাত আৰক্ষীৰ এই ব্যৰ্থতাক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
চিৰাঙৰ নাবালিকা ধৰ্ষন কাণ্ডৰ পাঁচ দিন পাচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী
উল্লেখযোগ্য যে প্ৰাপ্ত তথ্য মতে ধৰ্ষণ কাণ্ডৰ লগত জড়িত অপৰাধী দুজন বৰ্তমান পলাতক অৱস্থাত যদিও আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে ধৰ্ষণকাণ্ডত ব্যৱহৃত বলেৰ' গাড়ীখনো উদ্ধাৰ কৰিছে ৷