চিৰাং, নৱেম্বৰ :দেওবাৰে চিৰাং জিলাৰ বিজনীৰ বড়কালিবাৰীৰ অনন্যা ভৱনত অবড়ো সুৰক্ষা সমিতিৰ 9ম সংখ্য়ক প্ৰতিষ্ঠা দিৱস উপলক্ষে জনজাগৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে 5নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ব্ৰজেন মহন্ত, 17নং সুবাইঝাৰ সমষ্টিৰ অবড়ো সুৰক্ষা সমিতিৰ মনোনীত প্ৰাৰ্থী বিজয় ডেকা, 19নং থুৰিবাৰী সমষ্টিৰ অবড়ো সুৰক্ষা সমিতিৰ মনোনীত প্ৰাৰ্থী ইমানুল হকৰ লগতে উপস্থিত থাকে অবড়ো সুৰক্ষা সমিতিৰ বিভিন্ন কৰ্মকৰ্তা সকল ।
বিটিচিত এইবাৰ অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বত গণ সুৰক্ষা পাৰ্টীয়ে 30 খন আসনত জয়ী হৈ চৰকাৰ গঠন কৰিব আৰু এয়া নিশ্চিত বুলি দাবী কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই । এইবাৰ অবড়ো সুৰক্ষা সমিতিয়ে চৰকাৰ গঠন কৰিলে বিটিচিত অবড়ো সকলক সুবিধা প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে সাংসদ নৱকুমাৰ শৰণীয়াই । হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি কৰা বুলি প্ৰকাশ কৰে শৰণীয়াই ৷ কিন্ত এতিয়া নিৰ্বাচনত তেওঁলোকৰ ব্যৰ্থতা জনসাধাৰণৰ পৰা লুকুৱাবলৈ হিমন্তই হাগ্ৰামাক মেকুৰী আৰু হাগ্ৰামাই হিমন্তক ডকাইত বুলি কটাক্ষ কৰিছে । তেওঁলোকে ৰাইজৰ মৌলিক সমস্যাসমূহৰ পৰা আঁতৰি যিসমূহ নক'বলগীয়া তাকে লৈ ব্যস্ত হৈ পৰিছে বুলি অভিযোগ কৰে সাংসদ গৰাকীয়ে ।