অসম

assam

ETV Bharat / state

চিৰাঙত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে সজাগতা সভা

ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বেদখল মুক্ত কৰিবলৈ দিয়া উচ্চ ন্যায়ালৰ নিৰ্দেশত শংকিত হৈ পৰা ৰাইজৰ উদ্দেশ্য চিৰাঙত সজাগতা সভাৰ আয়োজন, অবড়ো সুৰক্ষা সমিতিৰ লগতে কেইবাটাও সংগঠনৰ ৷

সজাগতা সভা
সজাগতা সভা

By

Published : Jan 6, 2020, 2:51 PM IST

চিৰাং, 6 জানুৱাৰী : ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি উচ্ছেদ কৰিবলৈ দিয়া উচ্চ ন্যায়ালৰ নিৰ্দেশৰ পিচতেই শংকিত হৈ পৰিছে বিটিচিৰ ৰাইজ ৷ সোমবাৰে চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰী হাইস্কুল খেল পথাৰত এবিএমছু ,বেঙ্গলী ফেডাৰেশ্যন,আমছু, অবড়ো ৰাইজৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ অবড়ো সুৰক্ষা সমিতিৰউপ সভাপতি কমল পাঠকে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে এবিএমছুৰ কাৰ্যকৰী সভাপতি মুক্তাকিন ৰহমানে৷ বিটিচি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ভূমি উচ্ছেদক লৈ ৰাইজক শংকিত নহ'বলৈ আহ্বান জনায় মুক্তাকিন ৰহমানে ৷

চিৰাঙত সজাগতা সভা

সভাখনত মূখ্য অতিথি হিচাপে অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক জোন দাসৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক:জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট

ABOUT THE AUTHOR

...view details