চিৰাং,12 আগষ্টঃচিৰাং জিলাৰ আই নদীৰ বানপানী আৰু গৰাখহনীয়াই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । আই নদীয়ে হঠাত গতি সলাই গাঁও তথা কৃষিভূমিৰ মাজেৰে সোমাই আহিছে । ডাবাবিল নামৰ এখন গাঁও ইতিমধ্যে আই নদীৰ গৰাখহনীয়াৰ ফলত সম্পূৰ্ণ ৰূপে নদীৰ বুকুত জাহ গৈছে । যোৱা ১৫ দিন পূৰ্বে মাদাৰপুৰ গাঁৱৰ বান্ধ ছিগি আই নদীৰ বাঢ়নি পানী সোমাই আহে । যাৰ ফলত ক্ষতিগ্ৰস্ত হয় মাদাৰপুৰ,নাথুৰবাৰী,ডেবৰবিল আৰু নেপালপাৰা গাঁও । আই নদীয়ে বান্ধ ছিগি পানী সোমাই অহাৰ পিচতে নদীখনে গতি সলাই মাদাৰপুৰ গাঁৱৰ মাজেৰে সোমাই অহাত ইতিমধ্যে গাঁওখন নিশ্চিহ্ন হোৱাৰ পথত । বানৰ কৱলত পৰি ডেৰ শতাধিক ঘৰ নদীৰ বুকুত বিলীন হৈ গৈছে । ইয়াৰোপৰি নিতৌ হৈ থকা গৰাখহনীয়াত প্ৰতিদিনে ৭-৮ টা কৈ ঘৰ গৰাখহনীয়াৰ কৱলত পৰিছে ।
চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী - চিৰাং জিলা
আই নদীয়ে কালৰূপ ধাৰণ কৰিছে চিৰাং জিলাত। আই নদীৰ বানপানী আৰু গৰাখহনীয়াত নিশ্চিহ্ন প্ৰায় কেবাখনো গাঁও। চৰকাৰী ভাৱে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
হেজাৰ হেজাৰ বিঘা কৃষিভূমি আই নদীৰ খহনীয়াত জাহ গৈছে । গাঁওবাসীৰ মাজত হাহাকাৰ অৱস্থা, ক'লৈ যাব,কি খাব,ক'ত থাকিব তাৰ কোনো ওৱাদিহ বিচাৰি নোপোৱা হৈছে। চৰকাৰে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি এই অৱস্থাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় গাঁওবাসীয়ে ৷ বান-গৰাখহনীয়াত সৰ্বস্বান্ত লোকৰ কোনো ব্যৱস্থাও গ্ৰহণ কৰা নাই চৰকাৰে। ইফালে গাঁও কেইখনক চাৰিওদিশে পানীয়ে আগুৰি ধৰাত কোনো ফালেই ওলাই যোৱাৰো সুবিধা নাই। এক মাত্ৰ নাওখনেই যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰিছে ।
লগতে চাওকঃ চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
TAGGED:
গৰাখহনীয়া