চিৰাং, 10 আগষ্টঃআই নদীৰ গৰাখহনীয়াৰ কৱলত পৰিছে চিৰাঙৰ বিস্তীৰ্ণ অঞ্চল। ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে বেকী নৈৰ গৰাখহনীয়াই ৷ ইতিমধ্যে কেবখনো গাঁও গৰাখহনীয়াৰ কৱল পৰি জাহ গৈছে আই নদীৰ বুকুত ৷ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত মাদলিপাৰা অঞ্চলটোলৈ নামি আহিছে বিভীষিকা। আই নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত মাদলিপাৰা,চৌৰাবাৰী,উদালগুৰি,সন্যাসিবাৰী,খুজৰাবগুৰি,দাউখানগৰ আদি অঞ্চল। যোৱাটো বানত আই নদীৰ কোৱাল সোঁতত চৌৰাবাৰী আৰু সন্যাসিবাৰী গাঁও দুখন সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ পিচত চৌৰাবাৰী গাঁওৰ ১২৫ঘৰ,ওদালগুৰিৰ ২২৩ ঘৰ আৰু দাউখানগৰৰ ১৭টা ঘৰ আই নদীৰ গৰাখহনীয়াত ইতিমধ্যেই নদীৰ বুকুত যাহ গৈছে ।
চিৰাঙত খহনীয়াৰ তাণ্ডৱ অব্যাহত - WATER RESOURCES DEPT OF ASSAM
মাদলিপাৰা প্ৰাথমিক বিদ্যালয়লৈ নামি আহিছে সংকট ৷ যিকোনো মূহুৰ্তত নদীৰ বুকুত যাহ যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়খন ৷ ইতিমধ্যেই আই নদীৰ বুকুত জাহ গ'ল তিনিখনকৈ গাঁও ৷
সম্প্ৰতি মাদলিপাৰা প্ৰাথমিক বিদ্যালয়লৈ নামি আহিছে সংকট ৷ যিকোনো মূহুৰ্তত নদীৰ বুকুত যাহ যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়খন ৷ ইফালে বিদ্যালয়খন সেই স্থানৰ পৰা স্থানান্তৰ কৰাৰো কোনো সুবিধা নাই কিয়নো ইতিমধ্যেই গাঁওখন সম্পুৰ্ণৰূপে আই নদীৰ বুকুত জাহ গৈছে । গাঁওবাসী আতৰি গৈ চুবুৰীয়া দুই তিনিখন গাঁওৰ লোকৰ সৈতে থাকিবলৈ লৈছে । বিদ্যালয়খন আই নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ আবেদন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ । বিগত ২০ বছৰৰ পৰাই অঞ্চলটো আই নদীৰ গৰাখহনীয়াই তিল তিলকৈ গ্ৰাস কৰি আহিছে যদিও চৰকাৰে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি দুই তিনিখন গাঁও আই নদীৰ বুকুত নিশ্চিহ্ন হ'বলগীয়া হৈছে । এই অভিযোগ স্থানীয় ৰাইজৰ ৷