চিৰাং,১১ মাৰ্চ: আজি মহা শিৱৰাত্ৰী । সমগ্ৰ ৰাজ্যৰ শিৱমন্দিৰ সমূহৰ লগতে চিৰাং জিলাৰ বিজনীৰ ঐতিহাসিক আমগুৰী শ্ৰীশ্ৰীশিৱ মন্দিৰতো পুৱাৰে পৰা ভক্তৰ আগমন ঘটিছে । মন্দিৰ প্ৰাংগণত শিৱৰাত্ৰীৰ দিনটোত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । আমগুৰী শিৱ মন্দিৰত বুধবাৰৰে পৰা দুদিনীয়াকৈ উদযাপন কৰা হৈছে মহা শিৱৰাত্ৰি পূজা ।
আমগুৰী শ্ৰীশ্ৰীশিৱ মন্দিৰত ভক্তৰ ব্যাপক ভিৰ - আমগুৰী
সমগ্ৰ দেশৰ লগতে চিৰাঙতো ধুমধামেৰে উদযাপন মহা শিৱৰাত্ৰী । শিৱৰাত্ৰীৰ বাবে বৃহস্পতিবাৰে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে শোভাযাত্ৰাত অংশ লয় ৷
![আমগুৰী শ্ৰীশ্ৰীশিৱ মন্দিৰত ভক্তৰ ব্যাপক ভিৰ চিৰাঙৰ আমগুৰী শ্ৰী শ্ৰী শিৱ মন্দিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10963385-157-10963385-1615455395016.jpg)
বৃহস্পতিবাৰে শিৱৰাত্ৰি উপলক্ষে এক ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰে মন্দিৰ পৰিচালনা সমিতিয়ে । উল্লেখ্য যে, ঐতিহাসিক মন্দিৰটো কেবাবছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বন্ধ হৈ পৰে মন্দিৰটো । শেহতীয়াকৈ ৰাইজৰ দান-বৰঙণিৰে পুনৰ নিৰ্মাণ কৰা হয় মন্দিৰটো । জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে বৃহস্পতিবাৰে উলিওৱা শোভাযাত্ৰাত অংশ লৈ আমগুৰী অঞ্চল পৰিভ্ৰমণ কৰে ৷ ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক মন্দিৰটোৰ নৱনিৰ্মিত গৃহটো শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি উদ্বোধন কৰা হয় ।
লগতে পঢ়ক: মৰাণৰ চেঁচা নগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ