চিৰাং ,14 মে' ঃ চিৰাং জিলাৰ বিজনী নগৰৰ কেইবাখনো দোকান বৃহস্পতিবাৰে প্ৰশাসনৰ তৰফৰ পৰা ছীল কৰি দিয়া পৰিলক্ষিত হৈছে । অসম চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া নিয়ম-নীতি উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত বিজনী মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । বাৰম্বাৰ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়াৰ পিছতো দোকানৰ স্বত্বাধিকাৰী সকলে পালন নকৰে প্ৰশাসনৰ নিৰ্দেশনা । নিয়ম মানি নচলে দোকানৰ স্বত্বাধিকাৰী সকলে । প্ৰশাসনৰ তৰফৰ পৰা দোকান ছীল কৰি দিয়াৰ মূখ্য কাৰণ সমূহ হৈছে দোকান কৰ্তৃপক্ষই সামাজিক দূৰত্ব বজাই নাৰাখে, দোকান চৌহদত নাই হাত ধোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানীৰ যোগান ৷
চিৰাঙত লক্ ডাউন অমান্য কৰা কেইবাখনো দোকান ছীল - চিৰাঙত লক্ ডাউন অমান্য
চিৰাং জিলাৰ বিজনীত প্ৰশাসনে বৃহস্পতিবাৰে লক্ ডাউন অমান্য কৰা কেইবাখনো দোকান ছীল কৰে। প্ৰশাসনক অমান্য কৰা আৰু লক্ ডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে বিজনী মহকুমা প্ৰশাসনে।
জিলাখনৰ ঢালিগাঁও, বাসুগাঁওকে আদি কৰি বিভিন্ন ঠাইত যোৱা কেইদিনমানৰ পৰা লক্ ডাউন শিথিল কৰাৰ সুযোগ গ্ৰহণ কৰি চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি সামাজিক দূৰত্ব অমান্য কৰি বজাৰ সমূহত ভিৰ কৰা পৰিলক্ষিত হয় ।
দোকান খোলাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অনুমতি দিয়াৰ পিছত প্ৰশাসনে নিৰ্ধাৰিত কৰি দিয়া নীতি-নিয়ম উলংঘা কৰাৰ বাবে বৃহস্পতিবাৰে বিজনী মহকুমা দণ্ডাধীশ বুবুল বৈশ্য, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি, বিজনী আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাই বিজনী নগৰত এক অভিযান চলাই অহা ১৮ মে' পৰ্যন্ত ছীল কৰি দিয়ে দোকান সমূহ ৷