অসম

assam

By

Published : Jul 10, 2020, 12:16 PM IST

Updated : Jul 10, 2020, 1:43 PM IST

ETV Bharat / state

লক ডাউনে প্ৰভাৱ পেলাইছে ভাৰত ভূটান সীমান্তত

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত দাদগিৰি,হাতীসাৰ অঞ্চলত দীৰ্ঘ চাৰি মাহৰ লক ডাউনে ব‍্যাপক প্ৰভাৱ পেলাইছে। চাৰিমাহে বন্ধ হৈ আছে ভূটানৰ ভূটানৰ গেলেফু গেট। ফলত ভূটানৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলৰ ব‍্যৱসায়,শ্ৰমিক তথা সকলো দিশতে আৰ্থিক অৱস্থাৰ অৱনতি ঘটিছে।

লক ডাউনে প্ৰভাৱ পেলাইছে ভাৰত ভূটান সীমান্তত
লক ডাউনে প্ৰভাৱ পেলাইছে ভাৰত ভূটান সীমান্তত

চিৰাং, 10 জুলাইঃচাৰি মহীয়া লক ডাউনত বিধ্বস্ত ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল ৷ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দিদগিৰি-হাতীসাৰ অঞ্চলত চাৰি মহীয়া লক ডাউনৰ ফলত ভূটানৰ গেট বন্ধ থকাত দেশ দুখনৱৰ সীমান্তৱৰ্তী অঞ্চল সমূহৰ ৰাইজৰ মাজত অসুবিধাৰ সৃষ্টি হৈছে ৷

লক ডাউনে প্ৰভাৱ পেলাইছে ভাৰত ভূটান সীমান্তত

আন্তৰাষ্ট্ৰীয় সীমান্ত হিচাপে বিবেচিত হোৱা দাদগিৰি-হাতিসাৰ অঞ্চললৈ ভূটানৰ পৰা নামি আহে ভূটানী লোকসকল ৷ গেলেফু গেটেদি অসমত প্ৰৱেশ কৰি ভূটানী নাগৰিক সকলে সামগ্ৰী ক্ৰয় কৰাৰ লগতে অসমৰো বহু সংখ্যক লোকে শ্ৰমিকৰ কাম কৰিবলৈ ভূটানলৈ যায় ৷ কিন্তু সম্প্ৰতি ভূটান চৰকাৰে ইয়ালৈ যোৱা সকলো পথ বন্ধ কৰি দিয়াৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে অসমৰ ব্যৱসায়ীসকল ৷

বন্ধ হৈ পৰিছে অঞ্চলটোৰ দোকান পোহাৰ সমূহ

সাধাৰণতে সীমান্তৰ এই সমূহ অঞ্চল চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ওপৰত নিৰ্ভৰশীল। এই দাদগিৰি-হাতিসাৰ বজাৰৰ হোটেল,ব‍্যৱসায় আদি ভূটানী লোকৰ ওপৰত নিৰ্ভৰশীল। এই বজাৰৰ ৯০ শতাংশ গ্ৰাহক আহে ভূটানৰ পৰা। ‌বৃহত্তৰ সীমান্ত অঞ্চলৰ ৮০ শতাংশ শ্ৰমিকে ভূটানত কাম কৰি জীৱিকা নিৰ্বাহ কৰে । অসমতকৈ ভূটানত অধিক মজুৰি লাভ কৰে শ্ৰমিক সকলে,যাৰবাবে অসমৰ পৰা বহু লোক শ্ৰমিকৰ কাম কৰিবলৈ ভূটানলৈ যায় প্ৰতিদিনে। কিন্ত যোৱা ২১ মাৰ্চৰ পৰা বন্ধ হৈ আছে ভূটানৰ গেলেফু গেট। যাৰ ফলত ভূটানৰ পৰাও কোনো লোক আহিব পৰা নাই চিৰাঙলৈ,একদৰে চিৰাঙৰ পৰাও ভূটানলৈ যাহ পৰা নাই অসমৰ মানুহ । লকডাউনৰ ফলত দুয়োখন দেশৰ সীমান্তৰ লোকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ।

দাদগিৰি-হাতিসাৰ অঞ্চললৈ ৯০ শতাংশ গ্ৰাহক আহে ভূটানৰ পৰা

সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে এতিয়া কেৱল অপেক্ষা কৰিছে ভূটানৰ গেট খোলালৈ ৷ কিয়নো ভূটানৰ গেট খুলিলে পুনৰ অৰ্থব্যৱস্থা শক্তিশালী হৈ উঠিব ৷ অধিকাংশ দোকান পোহাৰৰ একমাত্ৰ ভৰষা ভূটাৰ পৰা নামি অহা লোকসকল ৷

লগতে চাওকঃ কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ হ’ল খলনায়ক বিকাশ ডুবে ?

Last Updated : Jul 10, 2020, 1:43 PM IST

ABOUT THE AUTHOR

...view details