চিৰাং, 23 জানুৱাৰী : ৰাজ্যৰ আন আন জিলাৰ লগতে চিৰাং জিলাতো শনিবাৰে ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত ভূমিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰা হয় । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰৰ জেৰেঙা পথাৰত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা প্ৰদানৰ কাৰ্যসূচী মুকলি কৰাৰ পিচতে চিৰাঙৰ সদৰ কাজলগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত চিৰাং জিলাৰ বিজনী, চিদলী আৰু বেংতল ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২০০ হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা আৰু ৬৩৭ জন হিতাধিকাৰীৰ মাজত মাটিৰ আৱন্টন পত্ৰ বিতৰণ কৰা হয় ।
এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী, বিটিচিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী, কৃষি বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু পৰিষদীয় সদস্য মাধৱ ছেত্ৰী, অভিৰাম মহানায়ক, চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ লগতে বিজনী, চিদলী আৰু বেংতলৰ ৰাজহ চক্ৰ বিষয়া সকল উপস্থিত থাকে ।