চিৰাং, 4 আগষ্ট :চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা বজাৰত ভূমি বেদখলক কেন্দ্ৰ কৰি মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । বিপিএফ দলে চৰকাৰী ভূমি অধিগ্ৰহণ কৰা বুলি অভিযোগ ইউপিপিএলৰ সমৰ্থকৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি ৰুনিখাতা অঞ্চলত বিৰাজ কৰে তীব্ৰ উত্তেজনাই ।
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুনিখাতা বজাৰত দীৰ্ঘদিনৰ পৰা পৰিত্যক্ত হৈ থকা বিএচএনএলৰ অফিচ চৌহদত সোমবাৰে নিশা বিপিএফে চিৰাং দুৱাৰ ব্লক কাৰ্যালয়ৰ চাইনবোৰ্ড আঁৰি দিয়ে । তাৰ পিছতে সোমবাৰে পুৱাৰ ভাগত ইউপিপিএলৰ শতাধিক সমৰ্থক তথা ৰাইজে বিপিএফ দলে এই ভূমি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি ওলাই আহে ।
ৰাজহুৱা সম্পতি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ ৰাইজে আৰক্ষীৰ সন্মুখতে প্ৰৱেশদ্বাৰৰ তলা ভাঙি প্ৰৱেশ কৰে উক্ত স্থানত ৷
আনকি বিপিএফ দলৰ চাইনবোৰ্ড আঁতৰাই ৰাইজে নতুনকৈ আঁৰি দিয়ে ৰুনিখাতা ডাকঘৰৰ বেনাৰ । সোমবাৰে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বিপিএফ দলে আয়োজন কৰে এক সংবাদমেল ৷ বিপিএফে উল্লেখ কৰা অনুসৰি, ভূমিক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া প্ৰকৃততে বিপিএফে বেদখল কৰা নাই ৷ বৰঞ্চ ৰাইজৰ নাম লৈ বিটিচিৰ শাসকীয় ইউপিপিএল দলে এবছুৰ সহযোগত বিপিএফৰ ভূমি বেদখল কৰিছে ।
এই ভূমিঠোখৰ ২০১৯ চনতে তদানীন্তন বিটিচি চৰকাৰে চিৰাং দুৱাৰ ব্ল'ক বিপিএফ দলৰ কাৰ্যালয়ৰ বাবে আবন্টন দিছিলে বুলি প্ৰকাশ কৰে বিপিএফ নেতৃত্বই । সেই বিতৰ্কিত ভূমি ডোখৰ বিপিএফ দলৰ বুলি দাবী কৰি তাৰ বৈধ নথিপত্ৰ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে বিপিএফ নেতৃত্বই ।