অসম

assam

By

Published : Nov 14, 2020, 3:35 PM IST

ETV Bharat / state

কোচ ৰাজবংশী জাতীয় মহাসভাৰ চিৰাং জিলা সমিতি ভংগ

চিৰাং জিলা সমিতি কোচ ৰাজবংশী জাতীয় মহাসভা ভংগ । কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ চিৰাং জিলা সভাপতি নিৰ্মল কুমাৰ ৰায়ে ভংগ কৰি দিয়ে চিৰাং জিলা সমিতি লগতে তিনিখন আঞ্চলিক সমিতি ৷

As_Chg_01_Chirang_Koch_rajbangshi_mahasabha_dissmiss_img_10012
কোচৰাজ বংশী জাতীয় মহাসভাৰ চিৰাং জিলা সমিতি ভংগ

চিৰাং, 14 নৱেম্বৰ: কোচ ৰাজবংশী জাতীয় মহাসভাৰ চিৰাং জিলা সমিতি ভংগ । শনিবাৰে চিৰাং জিলাৰ কদমতলিত আয়োজিত এক সংবাদ মেলত চিৰাং জিলা সমিতিৰ কোচ ৰাজবংশী জাতীয় মভাসভাৰ সভাপতি নিৰ্মল কুমাৰ ৰায়ে ভংগ কৰি দিয়ে জিলা সমিতিৰ লগতে তিনিখনকৈ আঞ্চলিক সমিতি । জিলা সভাপতিজনে কেতবোৰ বিস্ফোৰক মন্তব্য কৰি কয় যে, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে কেতিয়া কি কৰে জিলা সমিতিয়ে একো নাজানে । কোচ ৰাজবংশী জাতীয় মহাসভা এটা অৰাজনৈতিক সংগঠন কিন্ত সম্পাদক বিশ্বজিত ৰায়ে কেতিয়াবা যদি হাগ্ৰামা মহিলাৰীৰ তাত কেতিয়াবা ইউপিপিএল দলৰ প্ৰমোদ বড়োৰ তাত আকৌ কেতিয়াবা বিজেপিৰ তাত গৈ দৰদাম কৰি থাকে । সেয়ে এই সংগঠনত কাঠৰ পুতলা হৈ থকাৰ কোনো যুক্তি নাই বুলিয়ে চুড়ান্ত সিদ্ধান্ত লৈ চিৰাং জিলা সমিতিখন ভংগ কৰি দিয়ে ।

নিৰ্মল কুমাৰ ৰায়ে কয় যে, বিশ্বজিত ৰায়ৰ দালালি ৰাইজে প্ৰত্যক্ষ কৰি আছে, বহু আশাৰে কোচ ৰাজবংশী জাতীয় মহাসভাৰ নেতাজনক আদৰি আনি জিলা সমিতি গঠন কৰিছিলো যদিও বাস্তৱত একোৱে নাপালো ৷ বিশ্বজিত ৰায় আচলতে কংগ্ৰেছৰহে মানুহ ৷ সাংগঠনিকভাৱে কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰি বিবেক ভোট দিয়াৰ আহ্বান জনোৱাৰ পক্ষপাতী আছিল যদিও বিশ্বজিত ৰায়ে তেনে নকৰি পোনে পোনে ৰাজনৈতিক দললৈ গৈছে । অৱশ্যে এই কমিটি ভংগ কৰি তেওঁলোকে কোন দল বা সংগঠনত যোগ দিব সেয়া এতিয়াও ঠিক কৰা নাই যদিও যিয়ে আদৰণি জনাব তাতেই যাব ৷ কাৰণ বিটিচিত বাস কৰিলে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সৈতে ভাতৃত্ববোধেৰে মিলিজুলি জীয়াই থাকিব লাগিব । উন্নয়নৰ বাবে আগবাঢ়ি অহা দল সংগঠনক সমৰ্থন জনাই থকাৰ কথাও জনায় সংবাদ মেলত ।

লগতে পঢ়ক:চেন্নাই বিমানবন্দৰত প্ৰায় 7 কিলোগ্ৰাম সোণ জব্দ

ABOUT THE AUTHOR

...view details