অসম

assam

ETV Bharat / state

চিৰাঙত স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সভা - health department

চিৰাঙত ৬ জন জাপানিজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে ৩২ জন মেলেৰীয়া ৰোগী চিনাক্ত হৈছে ৷ শনিবাৰে উচ্চস্তৰীয় সভা অনুষ্ঠিত কৰি এই সম্পৰ্কে আলোচনাত মিলিত হয় স্বাস্থ্য বিভাগৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়া ।

চিৰাঙত স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সভা

By

Published : Jul 20, 2019, 7:39 PM IST

চিৰাং,20জুলাইঃ শনিবাৰে চিৰাং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সভাকক্ষত এক উচ্চস্তৰীয় গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত বিশেষকৈ মেলেৰীয়া প্ৰৱন অঞ্চল ভাৰত-ভূটান সীমান্তৰ স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত এলেকা সমূহত অধিক গুৰুত্বসহকাৰে তেজ পৰীক্ষা কৰা আৰু এই বিষয়ে সজাগতা বৃদ্ধি আৰু প্ৰতিৰোধৰ বাবে কাম কৰাৰ ওপৰত আলোচনা আগবঢ়োৱা হয় । বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ সুব্ৰত শৰ্মা, চিৰাং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ দিগেন্দ্ৰ ৰামচিয়াৰীৰ লগতে জিলাখনৰ বহুকেইজন বিষয়া উপস্থিত থাকে ।

চিৰাঙত স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সভা

চিৰাঙত ইতিমধ্যে ১৩ জন লোক জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে তাৰে ৬ জনকৈ লোক জাপানিজ এনকেফেলাইটিছ ৰোগী বুলি নিশ্চিত হৈছে । এই 6 জনৰ পাঁচ জনেই ইতিমধ্যে আৰোগ্য হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details