চিৰাং,12 মে’: চিৰাং জিলাৰ সদৰস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড যোদ্ধা হিচাপে কৰ্মৰত চিকিৎসক-নাৰ্চৰ চৰকাৰী আৱাস নথকাৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হৈছে চিকিৎসা কৰ্মীসকলে । বিগত চাৰি-পাঁচ বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত আছে চিকিৎসালয়খনৰ কৰ্মচাৰীসকলৰ আৱাসগৃহ । এই আৱাসগৃহ সমূহ সম্পূৰ্ণ নোহোৱাৰ বাবে এতিয়া একাংশ চিকিৎসক-নাৰ্চ চিকিৎসালয়খনৰ ভাড়া কেবিনত থাকিবলগীয়া হোৱাৰ লগতে ৰোগীৰ বাবে নিৰ্মাণ কৰা কোঠাতে থাকিবলগীয়া হৈছে ।
আনহাতে, ক’ভিড মহামাৰীৰ এই সংকটৰ সময়ত চিকিৎসা কৰ্মীসকলক মানুহে ঘৰ ভাড়া দিব নিবিচাৰে বুলিও উল্লেখ কৰিছে চিকিৎসালয়খনৰ একাংশ চিকিৎসা কৰ্মীয়ে ৷ তদুপৰি বহু ভাড়াঘৰৰ মালিকে চিকিৎসা কৰ্মীসকলক ঘৰ এৰিবলৈ কোৱা বুলিও অভিযোগ উত্থাপন হৈছে ৷
জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড যোদ্ধাৰ বাবে নাই চৰকাৰী আৱাসৰ ব্যৱস্থা তদুপৰি বাট-পথত নিৰ্জনতাৰ সুযোগ লৈ নাৰ্চসকলে ভাড়াঘৰৰ পৰা চিকিৎসালয়লৈ আহোতে একাংশ যুৱকৰ আতিশয্যৰ বলি হ’বলগীয়া হয় বুলি মন্তব্য কৰিছে চিকিৎসালয়খনৰ একাংশ নাৰ্চে ৷ এনেদৰেই এতিয়া চিকিৎসালয়খনত চিকিৎসাকৰ্মীৰ বাবে থাকিবলৈ চৰকাৰী আৱাস নথকাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে চিকিৎসা কৰ্মীসকল ৷
জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড যোদ্ধাৰ বাবে নাই চৰকাৰী আৱাসৰ ব্যৱস্থা উল্লেখ্য যে, চিকিৎসালয়খনৰ চৰকাৰী আৱাসৰ নিৰ্মাণকাৰ্য আধৰুৱা কৰি ৰখাৰ কাৰণ কি, সেয়া এতিয়াও স্পষ্ট নহয় যদিও বিটিআৰৰ পৰা আৱণ্টিত ধন লাভ নকৰাৰ বাবেই আৱাসগৃহ অৰ্ধ নিৰ্মিত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ মনোজ দাসে ৷
লগতে পঢ়ক: বৰগোহাঞিৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰধানমন্ত্ৰী