অসম

assam

By

Published : Jul 31, 2019, 10:36 PM IST

ETV Bharat / state

জেহাদীক অস্ত্ৰ যোগানৰ অভিযোগত আটক হানিফ মিঞা

বৰপেটাত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ স্বীকাৰোক্তি মতে তেওঁৰ পৰা জব্দ হোৱা হস্তনিৰ্মিত অস্ত্ৰ, পিস্তত হানিফ মিঞা নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল । সেই স্বীকাৰোক্তিৰ ভিত্তিতে নিজ ঘৰৰ পৰা আটক কৰা হয় হানিফ মিঞাক ৷ আনহাতে হানিফ মিঞাৰ ঘৰৰ তালাচি চলোৱাত আপত্তিজনক একো উদ্ধাৰ হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে ৷

হানিফ মিঞা

চিৰাং, 31 জুলাইঃ বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক আৰু চিৰাং অতিৰিক্ত আৰক্ষী অধিক্ষকৰ যৌথ অভিযানত চিৰাঙৰ মোজাবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে হানিফ মিঞা নামৰ এজন লোকক ৷ জানিব পৰা মতে জেহাদী তথা জেএমবিৰ সদস্যক অস্ত্ৰ যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে হানিফ মিঞাক ৷ বুধবাৰে অনুষ্ঠিত হোৱা এখন সংবাদ মেলত চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে কয় যে সোমবাৰে বৰপেটাত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ স্বীকাৰোক্তি মতে তেওঁৰ পৰা জব্দ হোৱা হস্তনিৰ্মিত পিস্তলহানিফ মিঞা নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল । সেই স্বীকাৰোক্তিৰ ভিত্তিতে নিজ ঘৰৰ পৰা আটক কৰা হয় হানিফ মিঞাক ৷ আনহাতে হানিফ মিঞাৰ ঘৰৰ তালাচি চলোৱাত আপত্তিজনক একো উদ্ধাৰ হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষী অধিক্ষকে ৷

হানিফ মিঞা

উল্লেখ্য যে ২০১৬ চনত চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত দাউখানগৰত আৰক্ষীয়ে অভিযান চলাই হস্ত নিৰ্মিত কাঠৰ বন্দুকসহ ১৫ জন লোকক জেহাদী সংগঠন জেএমহিৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছিল । কিন্ত উক্ত ১৫ জন লোকক আদালতত জেহাদি বুলি প্ৰমানিত কৰিব নোৱাৰাত 15 জনেই জামিন লাভ কৰে আৰু পৰৱৰ্তি সময়ত তেওঁলোকৰ ওপৰত থকা গোচৰো নিষ্পত্তি হয়।

আনহাতে হানিফক আটক কৰা ক্ষেত্ৰত আৰক্ষীৰ বিৰোধীতা কৰিছে হানিফ মিঞাৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে ৷ সাধাৰন ৰাজমিস্ত্ৰী কৰা এজন লোকে কেতিয়াও এনে ধৰণৰ অপৰাধ কৰিব নোৱাৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে হানিফ মিঞাৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷

ABOUT THE AUTHOR

...view details