চিৰাং, 8 জানুৱাৰীঃবিজেপিয়ে ৰাইজক ব্লেকমেইল কৰে ৷ বিজেপিৰ সভালৈ মানুহক দাবী ধমকি দি আনে ৷ এই গুৰুতৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ চিৰাঙৰ বিজনীত বুধবাৰে কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা অনুষ্ঠিত হয়। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰদেশ কংগ্ৰেছে যোৱা ২২ ডিচেম্বৰৰ পৰা শদিয়াৰ পৰা আৰম্ভ কৰা এই জনজাগৰণ যাত্ৰা ১১ জানুৱাৰীত ধুবুৰীত সমাপ্ত হ'ব।
সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাচি আছে-ৰিপুন বৰা - সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাছি আছে-ৰিপুন বৰা
চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিজনীৰ গেৰুকাবাৰীত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টি আৰু মানিকপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই জনজাগৰণ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,মুখপাত্ৰ কমল মেধিসহ ভালেসংখ্যক নেতা কৰ্মীয়ে যোগদান কৰে। গেৰুকাবাৰীৰ সমূহীয়া কেন্দ্ৰত প্ৰথমে এখন সভা সম্বোধন কৰি সভাপতি বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰি নাগৰিকত্ব সংশোধনী আইন কোনো মতেই মানি লোৱা নহ'ব বুলি কয় ।
![সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাচি আছে-ৰিপুন বৰা CHIRANG JANAJAGARAN JATRA, RIPUN BORA CRITICIZE ON COM ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5640518-thumbnail-3x2-chirang.jpg)
সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাছি আছে
সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাচি আছে-ৰিপুন বৰা
আনহাতে দিল্লীৰ জে এন ইউৰ ঘটনাক তীব্ৰ গৰিহণা দি কয় যে এয়া বিজেপিৰ পক্ষপাতিত্বমূলক কাৰ্য,ফেচিবাদী চৰিত্ৰ ওলাই পৰিছে। দেশৰ ৰাজধানীত বিশ্বৰ উন্নত এখন বিশ্ববিদ্যালয়ত হোৱা এনে ঘটনাই প্ৰমাণ দিয়ে যে তাতেই ছাত্ৰ আৰু শিক্ষকৰ নিৰাপত্তা নাই, গতিকে দেশৰ আন ঠাইত কি হ'ব পাৰে বুলিও কয় । দিল্লী পুলিচৰ সন্মুখত এবিভিপিয়ে এই আক্ৰমণ কৰাৰ পিচতো পুলিছে চাই থাকিব লগা হৈছে । গতিকে কংগ্ৰেছে এই ঘটনাৰ বাবে দণ্ডাধীশৰ তদন্তৰ দাবী জনায়।
লগতে চাওকঃনৰেন্দ্ৰ মোডী আধুনিক জিন্নাঃ তৰুণ গগৈ
Last Updated : Jan 8, 2020, 7:38 PM IST