চিৰাঙ,১৪ মে' : মঙলবাৰেও চিৰাঙৰ বাসুগাঁৱত বিৰাজ কৰি আছে উত্তপ্ত পৰিস্থিতি । সোমবাৰে বাসুগাঁও আঞ্চলিক আছু কাৰ্যালয়ৰ শ্বহীদ বেদীত কলা ৰং সানি দিয়াক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। আছুৰ তৰফৰ পৰা দোষীক কৰায়ত্ত কৰাৰ বাবে বান্ধি দিয়া হৈছে ৪৮ ঘন্টাৰ সময়সীমা। ইতিমধ্যে মঙলবাৰে নিশা আৰক্ষীয়ে তিনিজন লোকক সোধপোচৰ বাবে আটক কৰিছে । এই তিনিজন লোকক আটক কৰাকলৈ মঙলবাৰে ৰাতিপুৱাৰে পৰা সমগ্ৰ বাসুগাঁও চহৰ স্তব্ধ হৈ পৰে ৷ লগতে বাসুগাঁও ধান বজাৰ প্ৰেক্ষাগৃহত বাসুগাঁৱৰ লোকসকল একগোট হৈ আলোচনাত মিলিত হয় । তেওঁলোকৰ দাবী কোনো আগজাননী নিদিয়াকৈ সোমবাৰে নিশা আৰক্ষীয়ে টোপনিত থকা অৱস্থাত ব্যক্তি কেইজনক আটক কৰি লৈ আহে । এই তিনিজন লোকক এৰি নিদিয়ালৈকে বাসুগাঁও চহৰ এইদৰেই বন্ধ থাকিব বুলিও জনায় স্থানীয় ৰাইজে ।
শ্বহীদ বেদীত ক'লা ৰঙঃ শাম কটা নাই চিৰাঙৰ পৰিস্থিতি - আছু
দুৰ্বৃত্তই বাসুগাঁও আঞ্চলিক আছু কাৰ্যালয়ৰ শ্বহীদ বেদীত ক'লা ৰঙ সনাক লৈ সমগ্ৰ অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি । আছু তৰফৰ পৰা দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ বাবে বান্ধি দিছে ৪৮ ঘন্টাৰ সময়সীমা । ইতিমধ্যে সোধ-পোছৰ বাবে তিনিজন লোকক আটক কৰাক লৈ সমগ্ৰ বাসুগাঁও চহৰতে বন্ধ পৰিলক্ষিত হৈছে ।
এতিয়াও উত্তেজনাৰ শাম কটা নাই চিৰাঙৰ বাসুগাঁৱত
ইফালে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নৱজিত ৰায়ে কয় যে তেঁওলোকে আছুৰ তৰফৰ পৰা ৪৮ ঘন্টা সময়সীমা বান্ধি দিছে ,৪৮ ঘন্টা পাৰ হোৱাৰ পাছত গণতান্ত্ৰিকভাৱে নিজৰ তৰফৰ পৰা তেঁওলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে ।