চিৰাং, 12 আগষ্ট: চিৰাঙৰ বিজনী আনন্দ বজাৰত আৰক্ষীৰ সুৰা বিৰোধী অভিযান ৷ দেওবাৰে নিশা বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰাৰ নেতৃত্বত চলা বিশেষ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ আনন্দ বজাৰৰ ৰমেন নাৰ্জাৰী নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকাৰ এই অবৈধ বিলাতী সুৰাখিনি ৷
চিৰাঙৰ বিজনী আনন্দ বজাৰত জব্দ অবৈধ সুৰা
বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰাৰ নেতৃত্বত চলা বিশেষ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷
চিৰাঙৰ বিজনী আনন্দ বজাৰত জব্দ অবৈধ সুৰা
উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বিজনীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলোৱা ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক হৈছে কেইবাজনো লোক ৷ ইয়াৰোপৰি দেওবাৰে নিশা লক্ষাধিক টকা মূল্যৰ চোৰাং তথা অবৈধ বিলাতী সুৰা জব্দ কৰা ঘটনাই বিজনীত সৃষ্টি কৰিছে চাঞ্চল্য ।