অসম

assam

ETV Bharat / state

চিৰাঙত জব্দ চোৰাং খয়েৰ কঢ়িওৱা বাহন - Khoyer Timber seized

চিৰাঙত জব্দ চোৰাং খয়েৰ কঢ়িওৱা দুখনকৈ গাড়ী । অন্ধকাৰৰ সুযোগলৈয়ে গাড়ী এৰি পলায়ন কৰে চালক হেণ্ডিমেন ৷

চিৰাঙত জব্দ চোৰাং খয়েৰ কঢ়িওৱা বাহন

By

Published : Sep 26, 2019, 9:21 PM IST

চিৰাং, 26 ছেপ্টেম্বৰঃ চিৰাং জিলাৰ কিশান বজাৰৰ পৰা বুধবাৰে নিশা বন বিভাগে অভিযান চলাই জব্দ কৰে দুখনকৈ চোৰাং খয়েৰ কঢ়িওৱা বাহন ৷ বাহন দুখন ক্ৰমে AS 16C 6784 নম্বৰৰ বলেৰো পিক আপ ভান আৰু NL 01AB 3133 নম্বৰৰ এখন চৈধ্য চকীয়া বাহন ৷ এক গোপন তথ্যৰ ভিত্তিতে বন বিভাগে অভিযান চলাই গাড়ী দুখন জব্দ কৰিবলৈ সক্ষম হয় যদিও গাড়ীত থকা কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী ৷ অন্ধকাৰৰ সুযোগলৈয়ে গাড়ী এৰি পলায়ন কৰে চালক হেণ্ডিমেন ৷

চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰি

এই ক্ষেত্ৰত চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে, চিৰাং জিলাৰ পৰা বন বিভাগৰ খয়েৰ কাঠ চোৰাং ভাৱে বিক্ৰী কৰি থকাৰ তথ্য পোৱা গৈছিল ৷ যাৰ পৰিপেক্ষিতত চোৰাং কাঠ ব্যৱসায়ী তথা অবৈধ চোৰাং কাঠ ফলা কল সমূহ উৎখাত কৰাৰ উদ্দেশ্যে অভিযান চলোৱা হয় ৷ বৰ্তমান জব্দকৃত বাহন দুখন চিৰাং জিলা বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ৷ উল্লেখ্য যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নিতৌ চোৰাং খয়েৰ আন ৰাজ্য সমুহলৈ চালান দিয়া হয় ।

লগতে চাওকঃ তেজপুৰত বায়ুসেনাৰ এয়াৰ শ্ব’

ABOUT THE AUTHOR

...view details