চিৰাং, 16 ডিচেম্বৰ :চিৰাঙৰ বিজনীৰ বামুনিঝোৰাত পত্নী ডিটেনশ্যন কেম্পত বন্দী হৈ থকাৰ শোকত মৃত্যু হয় স্বামীৰ । গোপেশ দাস নামৰ লোকজনৰ পত্নী অমলা দাস বিগত 19 মাহৰ পৰা বন্দী হৈ আছে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত । পত্নীক ডিটেনশ্যন কেম্পৰ পৰা মোকলাই আনিব নোৱাৰাৰ শোকত অসুস্থ হৈ পৰা স্বামী গোপেশ দাসৰ বুধবাৰে মৃত্যু হয় ৷
জানিব পৰা মতে, পত্নীক ডিটেনশ্যন কেম্পৰ পৰা জামিনত অনাৰ বাবে আইনৰ কাষ চাপিছিল লোকজনে ৷ পত্নীক মোকলাই আনিব নোৱাৰাত মানসিকভাৱে ভাগি পৰে লোকজন ৷ যাৰফলত বুধবাৰে গোপেশ দাসৰ মৃত্যু হয় ৷