চিৰাং, ১৮ ফেব্ৰুৱাৰী: বুধবাৰে নিশা চিৰাঙত পুনৰ জব্দ হ'ল চোৰাং কাঠ কঢ়িওৱা নম্বৰ প্লেটবিহীন পাঁচখনকৈ বাহনসহ কাঠ । শেহতীয়াকৈ জিলাখনত ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন চোৰাং কাঠভৰ্তি ট্ৰাক আৰক্ষী আৰু বন বিভাগে জব্দ কৰাৰ ঘটনাই জিলাখনত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিছে । নিতৌ বন বিভাগৰ চকুত ধুলি দি নিতৌ চিৰাং-বঙাইগাঁৱৰ মাজেদি চোৰাংকৈ কাঠ সৰবৰাহ কৰি আছে চোৰাং কাঠ ব্যৱসায়ীয়ে ।
নিশা জিলা বন বিভাগে চলোৱা অভিযানত জব্দ কৰা হয় চোৰাং কাঠ কঢ়িওৱা নম্বৰ প্লেটবিহীন পাঁচখনকৈ বলেৰো পিক আপ ভানসব কাঠ । বন বিভাগে এক গোপন সূত্ৰৰ পমখেদি কাঠ সৰবৰাহ কৰা বাহনৰ বিৰুদ্ধে জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত দহ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।