অসম

assam

ETV Bharat / state

চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ - চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ নেতৃত্বত চলোৱা অভিযানত বামুনগাঁৱৰ গাৰ্লাবাৰীৰ পৰা তিনিখনকৈ চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৃত চোৰাং কাঠ সমূহ চিৰাং বন সংমণ্ডলক গতাই দিয়ে আৰক্ষীয়ে।

চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

By

Published : Nov 4, 2019, 11:49 AM IST

Updated : Nov 4, 2019, 11:55 AM IST

চিৰাং,4 নৱেম্বৰঃচিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ। আৰক্ষী-বন বিভাগৰ যৌথ অভিযানত উদ্ধাৰ হয় প্ৰায় ৭ লাখ টকা বজাৰ মুল্যৰ কেইবা গাড়ী মূল্যৱান চোৰাং কাঠ। দেওবাৰে নিশা চিৰাঙ আৰক্ষী-বন বিভাগে চলোৱা যৌথ অভিযাত জব্দ হয় কাঠখিনি। জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ নেতৃত্বত চলোৱা অভিযানত বামুনগাঁৱৰ গাৰ্লাবাৰীৰ পৰা তিনিখনকৈ চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৃত চোৰাং কাঠ সমূহচিৰাং বন সংমণ্ডলক গতাই দিয়ে আৰক্ষীয়ে। বন বিভাগৰ সূত্ৰত প্ৰকাশ যে জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৫ৰ পৰা ৭ লাখ টকা হ'ব । উল্লেখ্য যে,ধাৰাবাহিকভাৱে একাংশ চোৰাং বেপাৰীয়ে গাড়ীৰে অইন জিলালৈ চোৰাং কাঠ প্ৰেৰণ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ আনহাতে চোৰাংভাৱে কাঠ সৰবৰাহ কৰা বেছিভাগ গাড়ীৰে নাথাকে নম্বৰ প্লেট

চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি চোৰাং কাঠ ভৰ্তি গাড়ী এৰি পলায়ন কৰে চোৰাং কাঠ বেপাৰীয়ে। যাৰ বাবে কোনো লোককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অভিযানকাৰী দলে ৷ ইফালে শনিবাৰে নিশাও বন বিভাগৰ অভিযানত চোৰাং কাঠৰ কুণ্ডা ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছিল বন বিভাগৰ অভিযানকাৰী দল। বৰ্তমান চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে জব্দকৃত চোৰাং কাঠখিনি।

চিৰাঙত জব্দ হোৱা প্ৰায় 7 লাখ টকা মূল্যৰ চোৰাং কাঠখিনি

লগতে চাওকঃ বিদেশী শিল্পীৰ মুখত সুধাকন্ঠৰ কালজয়ী গীত

Last Updated : Nov 4, 2019, 11:55 AM IST

ABOUT THE AUTHOR

...view details