চিৰাং,১৫জুন : শনিবাৰে চিৰাং জিলাৰ চিৰাং বন সংমণ্ডলত বন বিভাগৰ অভিযান ।অভিযানত জব্দ বৃহৎ পৰিমানৰ চোৰাং কাঠ । বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ দুশ মিটাৰ আঁতৰত থকা বিলাসপুৰ আৰু পদ্মপুৰত পাঁচ দিনৰ পৰা ধাৰাবাহিক ভাৱে চলোৱা অভিযানত বন বিভাগে এই বৃহৎ পৰিমানৰ চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । বন বিভাগৰ সূত্ৰ অনুসৰি প্ৰায় কোটী টকা মুল্যৰ জব্দ হোৱা এই চোৰাং কাঠখিনি বৰ্তমান বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ।
চিৰাঙত বন বিভাগৰ ধাৰাবাহিক অভিযানঃ জব্দ কোটি টকাৰ চোৰাং কাঠ - প্ৰকৃতিপ্ৰেমি
চিৰাং বন সংমণ্ডলত বন বিভাগে অভিযান চলায় জব্দ কৰে কোটি টকাৰ চোৰাং কাঠ , বিলাসপুৰ আৰু পদ্মপুৰত পাঁচ দিনৰ পৰা অভিযান চলায় বন বিভাগে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়
চিৰাঙত জব্দ কোটি টকাৰ চোৰাং কাঠ
ইফালে, পশ্চিম বিলাসপুৰত থকা দুটাকৈ কাঠ মিলত বৰ্তমানেও বন বিভাগে কোনো ধৰনৰ অভিযান চলোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে । প্ৰকৃতিপ্ৰেমি সকলৰ আহ্বান নিতৌ নিশা চিৰাং জিলাৰ পৰা অইন জিলালৈ যোৱা ২৫/৩০ খনকৈ ট্ৰাক চোৰাং কাঠ জব্দ কৰক আৰু ইয়াক অতি শীঘ্ৰে বন্ধ কৰক ।