অসম

assam

ETV Bharat / state

শিক্ষানুষ্ঠানত আসন বিচাৰি প্ৰতিবাদত লিপ্ত হ’ল ছাত্ৰ-ছাত্ৰী - শিক্ষানুষ্ঠান সমূহৰ সীমিত আসন

শিক্ষানুষ্ঠান সমূহৰ আসনৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে ঠাইয়ে ঠাইয়ে আসনৰ বাবে প্ৰতিবাদত লিপ্ত হৈছে ছাত্ৰ-ছাত্ৰী ৷ সবিশেষ জানো আহক ৷

Chirang HS Students Protest for Admission
শিক্ষানুষ্ঠানত আসন বিচাৰি প্ৰতিবাদত লিপ্ত হ’ল ছাত্ৰ-ছাত্ৰী

By

Published : Sep 7, 2021, 7:48 PM IST

চিৰাং, 7 ছেপ্টেম্বৰ :সোমবাৰে ৰাজ্যৰ বিদ্যালয় তথা মহাবিদ্যালয় সমূহ খুলি দিয়া হ’ল ৷ কিন্তু একে সময়তে এক নতুন সমস্যাৰ বাবে বিমোৰত পৰিছে ৰাজ্যৰ বহু শিক্ষানুষ্ঠান৷ ঠাইয়ে ঠাইয়ে প্ৰতিবাদত লিপ্ত হৈছে ছাত্ৰ-ছাত্ৰী ৷ এই সমস্যাৰ সৃষ্টি হৈছে শিক্ষানুষ্ঠান সমূহৰ আসনৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে ৷ একোখন মহাবিদ্যালয়ত এতিয়া 300 আসনৰ বিপৰীতে আবেদন কৰিছে 1000 ৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে ৷ একে পৰিস্থিতি দেখা গ’ল চিৰাঙৰ বাসু গাঁৱত, বাসুগাঁও হায়াৰ ছেকণ্ডাৰি স্কুলত প্ৰথম বাৰ্ষিকত নাম ভৰ্তি বঞ্চিত ছাত্ৰ-ছাত্ৰী সকল আসন বিচাৰি প্ৰতিবাদত লিপ্ত হ’ল ।

নিজৰ শিক্ষা ভবিষ্যতক সুনিশ্চিত কৰাৰ দাবীত বঞ্চিত ছাত্ৰ ছাত্ৰীয়ে ঘেৰাও কৰিলে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাক । ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়ন কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া নিজ বিদ্যালয়তে নামভৰ্তিৰ পৰা বঞ্চিত শতাধিক ছাত্ৰ ছাত্ৰীয়ে মঙলবাৰে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰবেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

এক অনিশ্চয়তাৰ মাজত ওলমি থকা শিক্ষা ভৱিষ্যতক চিন্তিত ছাত্ৰ ছাত্ৰী সকলে আমাৰ শিক্ষা ভৱিষ্যতক লৈ খেলা নকৰিব, আমাক ভৰ্তি কৰিবই লাগিব ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ছাত্ৰ ছাত্ৰী সকলৰ এই অভিযোগ অধ্যক্ষা কল্পনা নাথে স্বীকাৰ কৰে আৰু আগলৈ শুধৰণি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । প্ৰকৃততে ক'ভিড পৰিস্থিতিৰ কাৰণে এইবেলি অধিক হাৰত ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কাৰণে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে বিদ্যালয়খনত সীমিত আসন থকাৰ কাৰণেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে অধ্যক্ষা গৰাকীয়ে ।

ইয়াৰ মাজতে বিদ্যালয় খনত নাই অতিৰিক্ত শ্ৰেণীকক্ষ, নাই বিষয় শিক্ষক, নাই ডেস্ক ব্ৰেঞ্চ ৷ তেনেক্ষেত্ৰত কেনেদৰে ছাত্ৰ ছাত্ৰী সকলৰ নামভৰ্তি সম্ভৱ বুলি অধ্যক্ষা গৰাকীয়ে ওলোটাই প্ৰশ্ন কৰে । চৰকাৰে যদি প্ৰয়োজনীয় অভাৱ খিনি পূৰণ কৰাৰ ব্যৱস্থা কৰে, তেনেহলে নিশ্চয় নামভৰ্তি সম্ভৱ হ’ব বুলি প্ৰকাশ কৰে । কিন্তু এই পৰিস্থিতিত বঞ্চিত ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা ভৱিষ্যত কি হ’ব এই সন্দৰ্ভত ডাঙৰ এই মুহুৰ্তত এক প্ৰশ্ন ৰূপে উত্থাপিত হৈছে ।

লগতে পঢ়ক :ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

ABOUT THE AUTHOR

...view details