চিৰাং,6 ডিচেম্বৰঃবিজেপিয়ে বিটিচিখন ঠাণ্ডা কৰিলে । শান্তিৰ পৰিৱেশ ঘুৰাই আনিলে বিটিচিলৈ। বন্দুক দেখুৱাই ভোট লোৱা সকলে হাতযোৰ কৰি ভোট বিচাৰিবলৈ বাধ্য হ’ল বুলি দেওবাৰে বিটিচিত এইদৰে তাৎপয্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তাৰ সমান্তৰল ভাৱে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, বিটিচিৰ অবৈধ অস্ত্ৰ ক‘ত আছে আমি জানো ৷ চৰকাৰে এই ক্ষেত্ৰত পৰ্য্যায় ক্ৰমে অবৈধ অস্ত্ৰ উদ্ধাৰৰ ব্যৱস্থা কৰিছে ৷
বন্দুক দেখুৱাই ভোট বিচৰা সকলে এতিয়া হাতযোৰ কৰি ভোট বিচাৰছেঃ মন্ত্ৰী হিমন্ত - বিপিএফে এতিয়া দিকবিদিক হেৰুৱা
চিৰাঙৰ সুৱাইঝাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজহ মন্ত্ৰী যোগেন মহন, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলিপ শইকীয়াসহ অন্যান্য কেইবাজনো নেতা উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰত নামি পৰা দেখা যায় ৷
বন্ধুক দেখুৱাই ভোট বিচৰা সকলে হাতজোৰ কৰি ভোট বিচাৰিব লগীয়া হৈছেঃ হিমন্ত বিশ্ব শৰ্মা
ইপিনে মন্ত্ৰী যোগেন মহনে বিধায়িকা আঙুৰলতা ডেকাক সতিৰ্থ বিধায়ক কমলসিং নাৰ্জাৰীয়ে কৰা অশালিন মন্তব্যৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিপিএফে এতিয়া দিকবিদিক হেৰুৱাৰ বাবেই এনে মন্তব্য কৰিছে ।
লগতে পঢ়কঃ নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপনৰ শিৱিৰ
Last Updated : Dec 6, 2020, 8:53 PM IST