চিৰাং,13 নৱেম্বৰ: চিৰাঙত অব্যাহত আছে হাতীৰ দাঁত আৰু বাঘৰ ছালৰ ব্যৱসায়ৰ এক আন্তৰ্জাতিক চক্ৰ ৷ বৃহস্পতিবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ নাঙল ভাঙাত বন বিভাগ,১৫ নং বেটেলিয়ন এচএচবি আৰু ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰল ব্যুৰো এচআৰঅ' গুৱাহাটীৰ যৌথ অভিযানত চাৰিটা হাতী দাঁত(১৭.৮৫ কেজি)ৰ সৈতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷
গ্ৰেপ্তাৰ কৰা তিনিওজন লোক জিলাখনৰ আমগুৰী থানাৰ অন্তৰ্গত মালিভিটাৰ ক্ৰমে নৱেশ্বৰ বসুমতাৰী(৩৫),সমেশ্বৰ বসুমতাৰী(ৰবি)(২৮)আৰু মৰ্য্যু বসুমতাৰী (৩৪) বুলি জানিবলৈ দিছে বন বিভাগে । তেওঁলোকৰ পৰা তিনিখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে । দলটোৰ আন তিনিজন লোক পলায় যাবলৈ সক্ষম হয় । চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে বিশেষ সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি দলটোৰ হাতত দহটা হাতীৰ দাঁত আছিল ৷