অসম

assam

ETV Bharat / state

চিৰাঙত এম্বুলেঞ্চৰ পৰিৰ্বতে সাঙিত চিকিৎসালয়লৈ অনা হ'ল গৰ্ভৱতী প্ৰসূতিক

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা প্ৰাথমিক চিকিৎসালয়লৈ গৰ্ভৱতী প্ৰসূতিক এম্বুলেঞ্চৰ পৰিৰ্বতে অনা হ'ল সাঙিত । স্বাধীনতাৰ ৭৩ বছৰৰ পিচতো দেশৰ স্বাস্থ্য বিভাগৰ এই নগ্ন ৰূপ ।

এম্বুলেঞ্চৰ পৰিৰ্বতে সাঙিত গৰ্ভৱতী প্ৰসূতি

By

Published : Sep 8, 2019, 7:51 PM IST

চিৰাং,8ছেপ্টেম্বৰঃ চিৰাঙত পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ এক নগ্ন ছবি । কাৰণ এম্বুলেঞ্চৰ পৰিৱৰ্তে সাঙিত চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি । এই ঘটনা জিলাখনৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ৷ উল্লেখ্য যে এটা ভাল পথ আৰু এখন পকী দলঙৰ অভাৱত ওদালগুৰি গাঁৱৰ ৰাজু মাৰাকৰ পত্নী নমিতা টুডু নামৰ প্ৰসূতিগৰাকীক পৰিয়ালৰ লোকে দেওবাৰে এম্বুলেঞ্চৰ পৰিৱৰ্তে সাঙীত তুলি ঘৰৰ পৰা ৮/৯ কিঃমিঃ পথ খোজকাঢ়ি চিকিৎসালয়লৈ অনা কাৰ্যই অতি সহজে উদঙাই দিছে জিলাখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ । লগতে গড়কাপ্তানী বিভাগেও বৰ্তমানলৈকে এই সমূহ অঞ্চলত উন্নতি সাধনত সমূলি ব্যৰ্থ হৈছে । জিলাখনৰ অতি গুৰুত্বপূৰ্ণ তথা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ নিজ সমষ্টিতে এনে দুখজনক পৰিৱেশ । স্থানীয় লোকে জনোৱা মতে ৰুনিখাতাৰ ওচৰৰ ভুৰ নৈৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি আছে যদিও অত্যন্ত লেহেমীয়া আৰু জৰুৰীকালীন সেৱাৰ বাবে কোনো বিকল্প নথকাত সধাৰণ ৰাইজে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে । যাৰ ফলত দেওবাৰে প্ৰসূতিগৰাকীক সাঙীত বান্ধি চিকিৎসালয়লৈ নিবলৈ বাধ্য হ'ল দুৰ্ভগীয়া তথা অতিকে দৰিদ্ৰ পৰিয়ালটো ৷

এম্বুলেঞ্চৰ পৰিৰ্বতে সাঙিত গৰ্ভৱতী প্ৰসূতি

ABOUT THE AUTHOR

...view details