চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদমেল - কোকৰাঝাৰ
শনিবাৰে চিৰাঙৰ ছাপাগুৰিৰ হোটেল ছিগনেটত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা তত্বাৱধায়ক হৰিশ ৰাৱাটৰ সংবাদমেল ৷ সংবাদমেলৰ পাচতে কংগ্ৰেছ নেতাগৰাকীয়ে কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ বাবে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ।
চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদমেল
চিৰাং,20এপ্ৰিল: শনিবাৰে চিৰাঙত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক হৰিশ ৰাৱাটে এক সংবাদ মেল সম্বোধন কৰে । এই সংবাদমেলত অসমৰ মানুহে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কংগ্ৰেছক ভোটপ্ৰদান কৰিব বুলি মন্তব্য কৰে ৷ লগতে কংগ্ৰেছ দলে শাসনলৈ আহিলে অসম চুক্তি ৰূপায়ন, বিটিচিত বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ লগতে ভাতৃবোধ আৰু অনাবড়ো লোকৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ ইপিনে এইবাৰ কংগ্ৰেছৰ বিজয় নিশ্চিত সংবাদমেলযোগে কংগ্ৰেছৰ জেষ্ঠ নেতাজনে উল্লেখ কৰে ৷