অসম

assam

ETV Bharat / state

হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিজনীত চ'লাৰ পাৱাৰ ফেনচিং স্থাপন - চ'লাৰ পাৱাৰ ফেনচিং

মানাহ ৰাষ্ট্ৰীয় উদ‍্যান সংলগ্ন বৰপাথাৰ ফৰেষ্ট বিট কাৰ্যালয়ত শনিবাৰে হেংগিং চ'লাৰ পাৱাৰ ফেনচিঙৰ উদ্বোধন কৰা হয় ৷ মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া অঞ্চল সমূহত প্ৰায়ে সংঘটিত হৈ অহা হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্য বন বিভাগে এই ফেনচিঙৰ ব্যৱস্থা কৰিছে ৷

Chirang Hanging solar fencing for wild elephant
হাতী মানুহৰ সংঘাত হ্ৰাসৰ বাবে বিজনীত স্থাপন কৰা হ'ল চ'লাৰ পাৱাৰ ফেনচিং

By

Published : Feb 13, 2021, 10:02 PM IST

চিৰাং, 13 ফেব্ৰুৱাৰী: চিৰাং জিলা বিজনীৰ উত্তৰে মানাহ ৰাষ্ট্ৰীয় উদ‍্যান সংলগ্ন বৰপাথাৰ ফৰেষ্ট বিট কাৰ্যালয়ত শনিবাৰে হেংগিং চ'লাৰ পাৱাৰ ফেনচিঙৰ উদ্বোধন কৰা হয় ৷ উদ্বোধন কৰে বন বিভাগৰ মুখ‍্য কাৰ্য‍্যবাহী বিষয়া শ্ৰী বিবেক মেনন আৰু বিটিআৰৰ বন বিভাগৰ মুৰব্বী বিষয়া অনিন্দ স্বৰ্গীয়াৰীয়ে ।

হাতী মানুহৰ সংঘাত হ্ৰাসৰ বাবে বিজনীত স্থাপন কৰা হ'ল চ'লাৰ পাৱাৰ ফেনচিং

সভাত উপস্থিত থাকে চিৰাঙৰ ডি.এফ.অ. ব্ৰহ্মানন্দ পাতিৰি, বিজনীৰ ১৭নং সুপাইঝাৰ সমষ্ঠিৰ প্ৰাক্তন এম.চি.এল.এ গুনেশ্বৰ গয়াৰী , ১৮ নং মানাস সমষ্টিৰ প্ৰাক্তন এম.চি.এল.এ অতিন হাজং আদি ৷

হাতী মানুহৰ সংঘাত হ্ৰাসৰ বাবে বিজনীত স্থাপন কৰা হ'ল চ'লাৰ পাৱাৰ ফেনচিং

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া অঞ্চল সমূহত প্ৰায়ে সংঘটিত হৈ অহা হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্য বন বিভাগে এই ফেনচিঙৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক: প্ৰতিবন্ধীসকলৰ ৫১১টা পদক লৈ চৰকাৰে বৈষম্য কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details