চিৰাং,5মাৰ্চ : ''প্ৰমোদ বড়োৰ কাম নাই, সি বেপাৰী, বড়ো সমাজত সোমাই মোৰ বিৰুদ্ধে বেয়াকৈ কৈ আছে'', বড়ো জাতীক প্ৰতাৰণা কৰি ৰাজনৈতিক দলৰ সভাপতি হ'ল প্ৰমোদ বড়ো'' ৷ বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনী বৰলাউগাঁৱত অনুষ্ঠিত হোৱা বাথৌ ধৰ্মীয় অধিৱেশনৰ মুকলি সভাত বিটিচিৰ মুখ্য তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৷ মহিলাৰীয়ে কয়, ''বড়ো জাতীৰ তেজ লৈ প্ৰমোদ বড়োই বড়োলেণ্ড বিচাৰিছিল, দিল্লীত গৈছিল, আমি এইবোৰ পাহৰি নাযাওঁ । বড়ো জাতীয়ে প্ৰমোদ বড়োক ঠিকা দিয়া নাই । আমি থকাত তাৰ কথা বড়ো জাতীৰ লোকে নুশুনে বুলি হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণাত্মক মন্তব্য কৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে ৷
প্ৰমোদ বড়ো এজন বেপাৰী: হাগ্ৰামা মহিলাৰী - চিৰাং জিলাৰ বিজনী বৰলাউগাঁৱত অনুষ্ঠিত হোৱা বাথৌ ধৰ্মীয় অধিৱেশন
চিৰাং জিলাৰ বিজনী বৰলাউগাঁৱত অনুষ্ঠিত হোৱা বাথৌ ধৰ্মীয় অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োক কটাক্ষ কৰি প্ৰমোদ বড়ো এজন বেপাৰী বুলি মন্তব্য কৰে ৷
মহিলাৰীয়ে আৰু কয় যে, বিপিএফৰ মুখামুখি হ'ব পৰা বিটিচিত কোনো নাই ,বিটিচি নিৰ্বাচনৰ বাবে বিপিএফ দল সম্পুৰ্ণৰূপে প্ৰস্তুত হৈছে। ইয়াৰ লগতে মহিলাৰীয়ে কয় যে, এনডিএফবি(ছা)ৰ সভাপতি বি চাওৰাইগৌৰা আৰু এনডিএফবি(প্ৰ)ৰ সভাপতি ধিৰেন বড়োই কোনখন ঠাইৰ পৰা নিৰ্বাচন খেলিব এই সন্দৰ্ভত বৰ্তমানেও নিশ্চিত হোৱা নাই ৷ এই সন্দৰ্ভত ৫/৬ দিনৰ পাছতহে সকলো কথা প্ৰকাশ কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷
অধিক খবৰৰ বাবে:ওদালগুৰিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ ইউ পি পি এলৰ
ইফালে, আগন্তুক নিৰ্বাচনত বিটিচিত বিজেপিৰ ফলাফল সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিটিচি প্ৰধানগৰাকীয়ে কয়, এই বিষয়ে আলোচনা কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু মন্ত্ৰী ৰিহন দৈমাৰীক দ্বায়িত্ব প্ৰদান কৰা হৈছে ৷