চিৰাং, 26 আগষ্টঃ সোমবাৰে চিৰাঙত ৩০ কোটি টকা ব্যয় সাপেক্ষে আই নদীৰ বান-গৰাখহনীয়া ৰোধৰ বাবে প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপনকৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আধাৰশিলা স্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ অন্তৰ্গত চাৰিখন জিলাৰ প্ৰধান নৈসমূহত দলং আৰু বান্ধ নিৰ্মাণৰ বাবে 500 কোটি টকা ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি তেওঁ আগন্তুক অক্টোবৰ মাহৰ ভিতৰতৰূপসী বিমান বন্দৰৰ পৰা বিমান সেৱা মুকলি কৰা হ'ব বুলিও মন্তব্য কৰে ৷
চিৰাঙত ৩০ কোটি টকীয়া প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ - বড়োলেণ্ড পিপুলছ পাৰ্টী
চিৰাঙত ৩০ কোটি টকা ব্যয় সাপেক্ষে আই নদীৰ বান-গৰাখহনীয়া ৰোধৰ বাবে প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিত বিপিএফৰ সৈতে সকলোকে চামিল হৈ শান্তি আৰু উন্নয়নৰ হকে কাম কৰাৰ আহ্বান বিটিচি প্ৰধান গৰাকীৰ ৷
চিৰাঙত ৩০ কোটি টকীয়া প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ
ইফালে বিটিচিৰ ৰাজনৈতিক পৰিৱেশ প্ৰসংগত বড়োলেণ্ড পিপুলছ পাৰ্টীৰ লগত এবছু আৰু ইউ পি পি এলৰ লগত হোৱা আলোচনাৰ কথা স্বীকাৰ কৰি মহিলাৰীয়ে বিটিচিত বিপিএফৰ স'তে সকলোকে চামিল হৈ শান্তি আৰু উন্নয়নৰ হকে কাম কৰাৰ আহ্বান জনায় ৷