চিৰাং, 17 মে' :কৰ’ণাৰ সংক্ৰমণ সময়ত চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয় ১৫ দিনৰ বাবে বন্ধ ঘোষণাৰ পাছতো চিৰাঙত সোমবাৰে দেখিবলৈ পোৱা গল এক ভয়াৱহ দৃশ্য । খোদ চৰকাৰী কাৰ্যালয়তে চৰকাৰী নিৰ্দেশনা ধোৱাঁচাঙত তুলি ক’ভিড নীতি উলংঘা কৰাৰ দৃশ্য দেখিবলৈ পোৱা গ’ল ।
চিৰাঙত ক’ভিড নীতি উলংঘন: বিদ্যুতৰ মাচুল দিবলৈ যোৱা গ্ৰাহকৰ হেতা ওপৰা
চিৰাঙৰ ছাপাগুৰীস্থিত বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত চৰকাৰী নিৰ্দেশনা তথা ক’ভিড নীতি উলংঘা । বিদ্যুতৰ মাচুল পৰিশোধ কৰাৰ বাবে ৰাইজৰ ভীৰ ৷
চিৰাং জিলাৰ চাপাগুৰীৰ বেঙতলগেটস্থিত বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডল ২ৰ কাৰ্য্যালয়ত দিনৰ 1 বজালৈ কাৰ্যালয়টোত বিদ্যুতৰ বিল পৰিশোধৰ বাবে জনতাৰ ভিৰ পৰিলক্ষিত হ’ল । সামাজিত দূৰত্ব ভংগ কৰি বিদ্যুতৰ বিল পৰিশোধ কৰাৰ নামক কৰা ভিৰৰ দৃশ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে ৷ ইফালে বৈদ্যুতিক সংমণ্ডল বিষয়া এম দেৱনাথে কয় যে, অত্যাৱশ্যকীয় সেৱা হোৱা বাবেই কাৰ্যালয় খোলা ৰখা হৈছে ৷ কিন্তু ভিৰ নিয়ন্ত্ৰণত বিভাগটোৱে ব্যৰ্থ হোৱা কাণ্ডইহে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে ৷
লগতে পঢ়ক :চলিত মাহৰ ভিতৰতে সকলো ভঙা মথাউৰি মেৰামতিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ