অসম

assam

ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অস্থায়ী আবাসগৃহ নিৰ্মাণ প্ৰধান শিক্ষকৰ - চিৰাং

৪৫ জন ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ আশাৰে নিৰ্মাণ আবাসগৃহ প্ৰধান শিক্ষকৰ

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অস্থায়ী হোষ্টেল নিৰ্মাণ প্ৰধান শিক্ষকৰ

By

Published : Feb 5, 2019, 11:13 PM IST

চিৰাং,৫ ফেব্ৰুৱাৰীঃ সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা। উদ্য়মেৰে সাজু হৈছে প্ৰতিখন বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী। কেৱল ব্য়ক্তিগতখণ্ডৰ বিদ্য়ালয়ে নহয় এইবাৰ এক অগতানুগতিক প্ৰয়াস হাতত লৈছে চিৰাঙৰ এখন চৰকাৰী বিদ্য়ালয়ে। চিৰাঙৰ ঔগুৰি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্য়তৰ প্ৰতি লক্ষ্য় ৰাখি বিদ্য়ালয়ৰ প্ৰধান শিক্ষকৰ ব্য়তিক্ৰমী প্ৰয়াস। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্য়তৰ প্ৰতি লক্ষ্য় ৰাখি নিৰ্মাণ কৰিছে এখন অস্থায়ী আবাসগৃহ।

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অস্থায়ী হোষ্টেল নিৰ্মাণ প্ৰধান শিক্ষকৰ


চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ঔগুৰী হাইস্কুলৰ প্ৰধান শিক্ষক পূজাৰু বৰগয়াৰীয়ে বিদ্যালয়খনত গঢ়ি তুলিছে এখন অস্থায়ী আবাসগৃহ । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ৪৫ জন ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ আশাৰে নিৰ্মাণ কৰা হৈছে এই আবাসগৃহ। চৰকাৰী ভাৱে কোনো বিশেষ সহায় লাভ কৰা নাই যদিও ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্য়তৰ প্ৰতি লক্ষ্য় ৰাখিয়েই সকলো ব্য়ৱস্থা গ্ৰহণ কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে।আবাসগৃহতেই ছাত্ৰ-ছাত্রীক পঢ়াবলৈ বিদ্য়ালয় কৰ্তৃপক্ষই ব‍্যৱস্থাও কৰিছে বিশেষ টিউচনৰ ।লগতে আবাসগৃহত ৰাতি অধ্য়য়নৰ বাবে ছোলাৰ লাইট প্ৰদান কৰিছে চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই। আন যাৱতীয় খৰছ বহন কৰিছে বিদ্যালয়ৰ শিক্ষক সকলৰ লগতে ঔগুৰীৰ স্থানীয় লোক সকলে। উল্লেখ্য় যে চৰকাৰী বিদ্য়ালয়ৰ এই ব্য়তিক্ৰমী প্ৰয়াসক শলাগ লৈছে অভিভাৱক সকলৰ লগতে স্থানীয় ৰাইজে। পিচে পৰীক্ষাৰ ফলাফলৰ পাচতহে জানিবলৈ পৰা যাব তেওঁলোকৰ এই প্ৰয়াস কিমান দূৰ ফলপ্ৰসূ হয়।

ABOUT THE AUTHOR

...view details