অসম

assam

ETV Bharat / state

চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

চিৰাঙত দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ জিলাখনৰ ঢালিগাঁও হাইস্কুলৰ সভাকক্ষত সম্পূৰ্ণ ক'ভিড বিধি মানি উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয় ।

চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ
চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

By

Published : Jun 8, 2021, 10:25 AM IST

চিৰাং,8 জুন: সোমবাৰে চিৰাঙত শুভাৰম্ভ কৰা হয় দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি বিতৰণ । ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ পাঠ্যপুথি যোগানৰ বাবে লোৱা আঁচনি অনুসৰি সোমবাৰে চিৰাং জিলাতো বিনামূলীয়াকৈ দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

এই উপলক্ষে জিলাখনৰ ঢালিগাঁও হাইস্কুলৰ সভাকক্ষত সম্পূৰ্ণ ক'ভিড বিধি মানি এক অনুষ্ঠানৰ আয়োজন কৰা হয় । চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱৰ সঞ্চালনত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে ।

উল্লেখ্য যে, সোমবাৰে জিলাখনৰ ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজত দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । অনুষ্ঠানত প্ৰায় ৯ খন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় ।

লগতে পঢ়ক:ডিমা হাছাওত উগ্ৰপন্থীৰ দুই লিংকমেন আটক

ABOUT THE AUTHOR

...view details