অসম

assam

ETV Bharat / state

প্ৰসংগ এন আৰ চি: বিজনীত গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিনয় তামাং

গোৰ্খা ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতাৰ পাছতো চিৰাঙৰ বিজনীত উপস্থিত জনমুক্তি মৰ্চাৰ মুৰব্বী বিনয় তামাং ৷ এন আৰ চিত নাম নহা গোৰ্খা লোকৰ সৈতে বাৰ্তালাপ ৷

By

Published : Sep 14, 2019, 11:50 PM IST

প্ৰসংগ এন আৰ চি: বিজনীত গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিনয় তামাং

বিজনী,14 চেপ্তেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতাক উলাই কৰি শনিবাৰে চিৰাঙৰ বিজনীত উপস্থিত হ'ল গোৰ্খালেণ্ড টেৰিট'ৰিয়েল কাউঞ্চিলৰ চমুকৈ জি টি এৰ মুৰব্বী বিনয় তামাং ৷ ৰাজ্য শেহতীয়া এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় 85 হাজাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকৰ নাম কৰ্তন হোৱাৰ পাছত চিন্তিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে শনিবাৰে অসমত উপস্থিত হয় গোৰ্খা মুক্তিৰ নেতাজন ৷ উপস্থিত হৈয়ে বিনয় তামাঙে এটা সজাঁতি দল লৈ বিদেশী ন্যায়াধীকৰণ অথবা উচ্চতম ন্যায়ালয়ৰ জৰিয়তে নাম কৰ্তন হোৱা লোকৰ সমস্যা কি দৰে সমাধান কৰিব পাৰি তাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোৰ্খা সকলৰ ঘৰে ঘৰে গৈ সমস্যাৰ বুজ লয় ৷ শনিবাৰে বিজনীত ভাৰতীয় নাগৰিক সুৰক্ষা মঞ্চৰ সৈতে এক বাৰ্তালাপতো মিলিত হয় জি টি এৰ মুৰব্বী গৰাকী ৷ উক্ত বাৰ্তালাপত উপস্থিত থাকে নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জমশ্বেৰ আলি,মুখপাত্ৰ অনিৰ্বান সেন,উপদেষ্টা বিশেশ্বৰ মৈত্ৰী সহ সংগঠনটোৰ একাধিক সদস্য ৷

প্ৰসংগ এন আৰ চি: বিজনীত গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিনয় তামাং

উল্লেখযোগ্য যে, এন আৰ চিৰ সন্দৰ্ভত বিনয় তামাং তথা গোৰ্খা জনমুক্তি মৰ্চাৰ সজাঁতি দলৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে গোৰ্খা ছাত্ৰ সন্থাই ৷ গোৰ্খা ছাত্ৰ সন্থাই এন আৰ চিৰ পৰিস্থিতিৰ সুবিধা লৈ অসমত অশান্তি বিয়পাবলৈ অহা বুলি গোৰ্খা ছাত্ৰ সন্থাই বিনয় তামাঙৰ ওপৰত কৰা অভিযোগ নসাৎ কৰি তামাঙে সংবাদিকৰ আগত কয় যে গুৱাহাটীৰ শীত তাপ নিয়ন্ত্ৰিত ৰুমত বহি সমস্যাৰ বুজ লোৱাৰ পৰিৱৰ্তে গোৰ্খা ভাই সকলৰ বৃহত্তৰ স্বাৰ্থত এই বিপদৰ সময়ত সকলোৱে একেলগে কাম কৰক ৷ তেওঁ লগতে কয় যে অসম ভ্ৰমণৰ কালচোৱাত তেওঁক অসম চৰকাৰে সম্পূৰ্ণ সহায় সহযোগিতাৰ লগতে সুৰক্ষাও আগবঢ়়াইছে ৷ সাংবাদিকৰ আগত বিনয় তামাঙে অসমৰ আভ্যন্তৰীণ বিষয়ত কোনো হস্তক্ষেপ নকৰাৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁৰ ভ্ৰমণৰ কোনো ৰাজনৈতিক উদ্দেশ্য নথকাৰ কথা স্পষ্ট কৰে ৷

ABOUT THE AUTHOR

...view details