চিৰাং 12 জানুৱাৰী: দেওবাৰে চিৰাঙত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চিৰাং জিলা সমিতিৰ গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন। দিনটোৰ কাৰ্যসূচী অনুসৰি জিলাখনৰ হাতিপোতা খেলপথাৰত পুৱা ৮ বজাত দলীয় পতাকা উত্তোলন কৰি শ্বহিদ তৰ্পণ আৰু শ্বহিদৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰে । পৰৱৰ্তী সময়ত পুলি ৰোপন, ছাফাই অভিযান , প্ৰতিনিধি পঞ্জীয়ন অনুষ্ঠিত হয় ।
চিৰাঙত গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন - চিৰাঙত গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন
চিৰাং জিলা সমিতিৰ গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়
![চিৰাঙত গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5689079-210-5689079-1578848541829.jpg)
গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন
বিয়লি ১ বজাত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মহিবুল হকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদ,কাৰ্যকৰী সভাপতি নুৰুল ইচলাম, সাধাৰণ সম্পাদক আজিজুল হক সহ প্ৰতিখন জিলাৰ সভাপতি সম্পাদক উপস্থিত থাকে । মুকলি সভাত কেন্দ্ৰীয় সভাপতি আহমেদে বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় দিয়াৰ আহ্বান জনায়।
গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন
লগতে পঢ়ক: দেওবাৰে বাসুগাঁওত অনুষ্ঠিত আক্ৰাছুৰ সংবাদমেল