অসম

assam

ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ চিৰাঙত ব্যস্ততাপূৰ্ণ পৰিৱেশ

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ পৰিষদীয় নিৰ্বাচন ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে বেলট বাকচ তথা প্ৰিজাইডিঙ আৰু পোলিং বিষয়াসকলৰ কোন ক'ত যাব সেই লৈ চিৰাঙত পৰিলক্ষিত হৈছে ব্যস্ততাপূৰ্ণ পৰিৱেশ ৷

By

Published : Dec 9, 2020, 2:07 PM IST

second phase of btc election
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ চিৰাঙত ব্যস্ততাপূৰ্ণ পৰিৱেশ

চিৰাঙ, 7 ডিচেম্বৰ:বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বিটিচি পৰিষদীয় সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু হৈছে চিৰাং । বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া চিৰাঙত পৰিলক্ষিত হৈছে ব্যাপক তৎপৰতা ।

চিৰাং জিলাৰ মুঠ সাতটা পৰিষদীয় সমষ্টিত মুঠ 34 গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । প্ৰাৰ্থীত্ব আগবঢ়োৱাসকলৰ ভিতৰত আছে 29 গৰাকী পুৰুষ আৰু পাঁচ গৰাকী মহিলা ৷ জিলাখনৰ জনজাতি সংৰক্ষিত 13 নম্বৰ চিৰাং সমষ্টিত পাঁচজন, 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টিত তিনিজন, 15 নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিত পাঁচজন, 16 নম্বৰ নিছিমা পৰিষদীয় সমষ্টিত তিনিজন, 17 নম্বৰ সুবাইঝাৰ সমষ্টিত চাৰিজন, 18 নম্বৰ মানাস ছেৰফাং সমষ্টিত চাৰিজন আৰু 19 নম্বৰ মুকলি থুৰিবাৰী সমষ্টিত সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

জিলাখনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 368188 জন আৰু ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 184683 আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 183505 ৷ জিলাখনৰ মুঠ 461 টা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

জানিব পৰা মতে, ক'ভিড-19 সম্পৰ্কীয় চৰকাৰী বিধি অনুসৰি প্ৰিজায়ডিঙ আৰু পোলিং বিষয়াৰ লগতে আৰক্ষী তথা নিৰাপত্তাৰক্ষী সকল ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব ৷ প্ৰাপ্ত তথ্যা অনুসৰি জিলাখনত পূৰ্বৰে পৰা 7 টা কোম্পানী থকাৰ পৰিৱৰ্তে অসম বেটেলিয়নৰ সাতশ নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰি জিলাখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক:মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

ABOUT THE AUTHOR

...view details