চিৰাং, ২৪ ফেব্ৰুৱাৰী: বি টি চি নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়োৱে লোৱা কেতবোৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধনৰ দিশে বিটিআৰৰ কৰ্তৃপক্ষ । তাৰে এক নিদৰ্শনৰ প্ৰতীক চিৰাঙৰ বিজনীৰ শিলবাৰীত পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্সৰ আধাৰশিলা স্থাপনৰ ।
বুধবাৰে জিলাখনৰ শিলবাৰীত বিটিআৰ চুক্তিৰ আধাৰত বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্সৰ আধাৰশীলা স্থাপন কৰে । আগন্তুক দুই-তিনি বছৰৰ ভিতৰতে পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্সৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৰ ।
এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতিসহ বহুকেইজনৰ ইউপিপিএলত যোগদান অনুষ্ঠানত প্ৰমোদ বড়োই আধাৰশীলা স্থাপন কৰি কয় যে বিটিআৰ চুক্তিৰ জড়িয়তে বিটিআৰ অঞ্চলত বহু কেইখন শিক্ষানুষ্ঠান লাভ কৰিছে আৰু সেই অনুপাতে বিটিআৰ চুক্তি ৰূপায়ন কৰি গৈছে । সকলো দিশৰ পৰা বিটিআৰক উন্নয়নৰ দিশে লৈ যোৱাৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰমোদ বড়োয়ে । দুৰ্নীতিমুক্ত ভিচিডিচি গঠনৰ আশ্বাস প্ৰদান কৰে প্ৰমোদ বড়োয়ে। এই আধাৰশিলা অনুষ্ঠানত ইউপিপিএল দলৰ বহু কেইজন নেতা কৰ্মীয়ো উপস্থিত থাকে ।
এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতিসহ বহুকেইজনৰ ইউপিপিএলত যোগদান ইয়াৰ পাচতে বিজনী জিলা ইউপিপিএলৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক সভাত এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি জয়ন্ত বসুমতাৰীকে আদি কৰি বহু কেইজন লোকে ইউপিপিএলত যোগদান কৰে । এই যোগদান সভাত ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউগৌৰা ব্ৰহ্ম, দলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰী, মনোনীত পৰিষদ মাধৱ ছেত্ৰীসহ বহুকেইজন নেতা উপস্থিত থাকে ।
লগতে পঢ়ক:পেট্ৰ’লিয়ামৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সকলোকে