অসম

assam

ETV Bharat / state

চিৰাঙত অব্যাহত বনজ সম্পদৰ চোৰাং সৰবৰাহ - চোৰাং কাঠ সহ এখন নম্বৰহীন ট্ৰেক্টৰ

চিৰাঙত বন বিভাগৰ অভিযানত চাৰিখনকৈ চোৰাং কাঠ কঢ়িওয়া গাড়ী জব্দ । কেবালাখ টকা মুল্যৰ চোৰাং কাঠ কঢ়িওৱা দুখন বাহনৰ লগনতে দুখন শিল-বালি কঢ়িওৱা গাড়ী জব্দ কৰে বন বিভাগে ।

Chirang forest operation timber and sandgravel seized
চিৰাঙত অব্যাহত বনজ সম্পদৰ চোৰাং সৰবৰাহ

By

Published : Oct 27, 2020, 5:12 PM IST

চিৰাং, 27অক্টোবৰঃচিৰাঙত দুৰ্গা পুজাৰ সময়ছোৱাত বন্ধৰ সুযোগ লৈ চোৰাং সৰবৰাহকাৰী বনজ সম্পদৰ সৰবৰাহ। সোমবাৰে নিশা লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ সহ এখন নম্বৰহীন ট্ৰেক্টৰ জিলাখনৰ ছিদলী থানাৰ অন্তৰ্গত বামুন গাঁওৰ পৰা জব্দ কৰে বন বিভাগে ৷ তাৰ সমান্তৰালভাবে বাসুগাঁওৰ পৰা লক্ষাধিক টকাৰ চোৰাং কাঠৰ সৈতে এ-এচ-২৬-বি-১৯০৩ নম্বৰৰ এখন বলে’ৰ পিকআপ গাড়ী জব্দ কৰাৰ লগতে; একে নিশাই অবৈধ ভাৱে শিল বালি কঢ়িওৱা দুখনকৈ ডাম্পাৰ গাড়ী জব্দ কৰে বন বিভাগে।

চিৰাঙত অব্যাহত বনজ সম্পদৰ চোৰাং সৰবৰাহ

উল্লেখযোগ্য যে, অতিৰিক্ত বোজা সহ অবৈধ চালানেৰে শিল-বালি কঢ়িওৱা ডাম্পাৰ দুখন ক্ৰমে এ-এচ-২৬-চি-৮০৮১ আৰু এ-এচ-২৬-চি-৮০৮২ । দুয়োখন ডাম্পাৰেৰে অতিৰিক্ত বোজা কঢ়িওৱাৰ লগতে মঙলবাৰৰ চালান লৈ নিশা ১২ বজাত বাসুগাঁওৰ তিৰিমাৰীৰ চম্পা নদীৰ পৰা শিল বালি লৈ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথেৰে বকোলৈ গৈ থকা অৱস্থাতে চিৰাং বন বিভাগে জব্দ কৰে ডাম্পাৰ দুখন।

চিৰাঙত অব্যাহত বনজ সম্পদৰ চোৰাং সৰবৰাহ

জানিবপৰা মতে একেখন চালানেৰে কেইবাবাৰো শিল বালি কঢ়িয়াই বন বিভাগৰ চকুত ধুলি দি ব্যৱসায় চলাই আছিল ডাম্পাৰ মালিকে। দীৰ্ঘ দিনৰ পৰাই এই দৰে মহল সমূহে যোগান ধৰা চালান অবৈধ ভাৱে লৈ বনজ সম্পদৰ লুণ্ঠন চলাই আছিল অসাধু চক্ৰই। সোমবাৰে নিশা বন বিভাগৰ অভিযানত পোহৰলৈ আহে সমগ্ৰ ঘটনা । এই ধৰণে বন বিভাগৰ চকুত ধুলি দি মহলৰ লোক সকলেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। গাড়ী দুখন জব্দ হোৱাৰ পিচত বন বিভাগে কি ধৰণৰ পদক্ষেপ লয় সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ’ব। পুজাৰ দশমিৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠৰ ব্যৱসায় বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিয়ে বন বিভাগে অভিযান চলাইছিল বুলি জনায় চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।

চিৰাঙত অব্যাহত বনজ সম্পদৰ চোৰাং সৰবৰাহ

ব্ৰহ্মানন্দ পাতিৰীয়ে সদৰি কৰে যে, জিলাখনৰ বাসুগাঁও আৰু সুন্দৰিত অবৈধ ভাৱে অৰণ্যত মজুত ৰখা বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰাৰ কথা। যোৱা নিশাৰে পৰা বন বিভাগে জব্দ কৰা গাড়ী আৰু চোৰাং কাঠ সমূহ চিৰাং সংমণ্ডল বন বিভাগৰ কাৰ্য্যালয়তে ৰখা হৈছে বুলিও জনায় বন বিষয়া পাতিৰীয়ে।

লগতে পঢ়কঃজনতা মহাজোঁটবন্ধনৰ লগত আছে: বিহাৰ চৰকাৰক কটাক্ষ ছোনিয়াৰ

ABOUT THE AUTHOR

...view details