অসম

assam

ETV Bharat / state

Illegal wood seized: পুষ্পাৰ ষ্টাইলত কাঠৰ চোৰাং বেহা খোদ বন বিষয়াৰ - ৮ ট্ৰেক্টৰ কাঠ

চিৰাঙৰ বনাঞ্চল ধ্বংসত জড়িত খোদ বন সুৰক্ষাত জড়িত লোক। বলীউডৰ জনপ্ৰিয় ছবি পুষ্পাৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে চিৰাঙত ৷

Etv BharatIllegal wood seized
Etv Bharatপুষ্পাৰ ষ্টাইলত কাঠৰ চোৰাং বেহা খোদ বন বিষয়াৰ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:10 PM IST

পুষ্পাৰ ষ্টাইলত কাঠৰ চোৰাং বেহা খোদ বন বিষয়াৰ

চিৰাং, 2 নৱেম্বৰ : অসমীয়াত এষাৰ কথা আছে উদক ভেটাৰখীয়া পতা...৷ এই আপ্তবাক্যশাৰীকে প্ৰমাণিত হ’ল চিৰাঙত ৷ চিৰাঙৰ বনাঞ্চল ধ্বংসত জড়িত খোদ বন সুৰক্ষাত জড়িত লোক। বলীউডৰ জনপ্ৰিয় ছবি পুষ্পাৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে চিৰাঙত ৷ স্থানীয় ৰাইজে জব্দ কৰে ৮ ট্ৰেক্টৰ চোৰাং কাঠ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ নাকেদৰাৰ বনাঞ্চলত বন বিভাগৰ সহযোগিতাত নিশাৰ আন্ধাৰত অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলে ৷ বহু দিনৰ পৰা বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ এনজিঅ’ৰ সদস্যই বন ধ্বংস কৰাত লিপ্ত হৈ আছে ৷ কিন্তু স্থানীয় লোকৰ হাতত ইয়াৰ কোনো উপযুক্ত তথ্য প্ৰমাণ নাছিল ৷

ইয়াৰ মাজতে বুধবাৰে বনাঞ্চল ধ্বংস কৰি ৮ ট্ৰেক্টৰ কাঠ চোৰাংভাৱে আনোতেই ৰাইজে ট্ৰেক্টৰকেইখন শান্তিপুৰত আৱদ্ধ কৰে । ইয়াৰ পিচতে ৰাইজৰ সৈতে তৰ্ক-বিতৰ্ক হয় ৰঞ্জিত বসুমতাৰীৰ এনজিঅ’ৰ সদস্যসকলৰ ৷ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ এই সন্দৰ্ভত অভিযোগ দিব বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে।

স্থানীয় লোকে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ এনজিঅ’ৰ সদস্যই বন বিভাগৰ সুৰক্ষা দিয়াৰ নামত বন ধ্বংসৰে ধন ঘটাত নামি পৰা বুলিও অভিযোগ উত্থাপন হৈছে। এই চক্ৰটোৰ কবলত পৰি এতিয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বিস্তীৰ্ণ চিৰাং সংৰক্ষিত বনাঞ্চল নিঃশেষ হোৱাৰ পথত। তাৰ পিচতো যেন গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। এইক্ষেত্ৰত অসম চৰকাৰৰ বন বিভাগৰ সমান্তৰালকৈ বিটিচিৰ বন বিভাগেও কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় লোকে অভিযোগ কৰে । যাৰ ফলত বনাঞ্চল শেষ হোৱাৰ পৰ্যায় পাইছেগৈ।

লগতে পঢ়ক:Fake currency: STF ৰ অভিযানত কেইবা লক্ষাধিক টকাৰ নকল নোট জব্দ

ABOUT THE AUTHOR

...view details