অসম

assam

ETV Bharat / state

চিৰাঙত চোৰাং কাঠৰ মুকলি বেহাঃ সাংবাদিকক বাতৰি প্ৰকাশত বাধা বন বিষয়াৰ - চিৰাং জিলাত চোৰাং কাঠৰ বেহা

ভুটানৰ গাড়ীৰে চোৰাং কাঠ সৰবৰাহ চিৰাঙৰ ৰাষ্ট্ৰীয় পথেৰে

চিৰাঙত চোৰাং কাঠৰ বেহা

By

Published : Aug 19, 2019, 9:29 PM IST


চিৰাং, 19 আগষ্ট : চিৰাং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলিছে ৰমৰমীয়া চোৰাং কাঠৰ বেহা । প্ৰাপ্ত তথ্য মতে ৰুণীখাতা থানাৰ অন্তৰ্গত ভূৰ চাৰিআলিৰ পৰা বহিৰাজ্যলৈ ৩১ নং (গ)ৰাষ্ট্ৰীয় ঘাই পথেৰে BP- 2-A-0808 নম্বৰৰ এখন ভুটানৰ বলেৰ' পিকআপ ভেন চোৰাং কাঠ লৈ বঙাইগাওঁ অভিমুখে গৈ থকা অৱস্থাত ৰাইজে স্যামথাই বাৰীত প্ৰত্যক্ষ কৰে ৷ ৰাইজে বনবিভাগক অৱগত কৰাত বন বিভাগৰ লোকে গাড়ীখন কাজলগাওঁৰ ক্ৰীড়া প্ৰকল্পৰ ওচৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে বনবিভাগে আটক কৰে দুজন চোৰাং কাঠ সৰহবৰাহকাৰীক ৷ কিন্তু আটক কৰা লোক দুজনৰ নাম গোপন ৰাখে বন বিভাগে । লগতে বাতৰি সম্প্ৰচাৰৰ বাবে সাংবাদিক উপস্থিত হোৱাত বাতৰি সমপ্ৰচাৰ কৰিব নালাগে বুলি সাংবাদিকক বাধা প্ৰদান কৰে কাজলগাওঁৰ বন নিৰাপত্তা বিষয়া কুঞ্জন বসুমতাৰীয়ে । এই সন্দৰ্ভত চিৰাং সংমণ্ডল বন বিষয়া ৰাজু ব্ৰহ্মক সোধা হৈছিল যদিও বিষয়া জনে নিজে সংবাদ মাধ্যমৰ পৰা আতৰি থাকি এই বিষয়ে ৰেঞ্জাৰৰ লগত কথা পাতিবলৈ কয় । ফলত বন বিভাগৰ সকলো যেন মিলিজুলি আছে বুলিয়েই সন্দেহ কৰিছে প্ৰকৃতিপ্ৰেমি ৰাইজে । বিটিচিৰ উপ মুখ্য তথা বন বিভাগৰ কাৰ্য্যবাহি সদস্য খাম্পা বৰগয়াৰীৰ গৃহ জিলা চিৰাঙত এই দৰেই দিনে নিশাই চলিছে চোৰাং কাঠৰ অবাধ ব্যৱসায় আৰু বনাঞ্চল ধ্বংসৰ অবিৰত প্ৰক্ৰীয়া ।

চিৰাঙত চোৰাং কাঠৰ বেহা

ABOUT THE AUTHOR

...view details