অসম

assam

ETV Bharat / state

ক'ত কেনেদৰে গ'ল দিব লাগে সেয়া জানে হাগ্ৰামাই - বিটিচি পৰিষদীয় নিৰ্বাচন

চিৰাং জিলাৰ বাসুগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বিজয়গাঁৱৰ ৰত্নপীঠ খেল পথাৰত অনুষ্ঠিত গুণোধৰ ৰাজবংশী আৰু শ্ৰীমতী ৰাজবংশী সোঁৱৰণী ফুটবলৰ চূড়ান্ত খেলত উপস্থিত থাকে প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। সোমবাৰৰ চূড়ান্ত খেলত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে খেলখনৰ শুভাৰম্ভ কৰাৰ লগতে আগন্তুক ২০২১ বৰ্ষত খেল পথাৰখনৰ বাবে আঢ়ৈ কোটিৰ পৰা তিনি কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰে।

chirang-football-tournament
ক'ত কেনেদৰে গ'ল দিব লাগে মই জানোঃ হাগ্ৰামা

By

Published : Nov 2, 2020, 9:32 PM IST

চিৰাং, 2 নৱেম্বৰ :চিৰাং জিলাৰ বিজয়গাঁওৰ ৰত্নপীঠ খেল পথাৰত গুণোধৰ ৰাজবংশী আৰু শ্ৰীমতী ৰাজবংশী সোঁৱৰণী ফুটবল ট্ৰফীত চূড়ান্ত বিজয়ী ৰাভাপাৰা এফচি। মুখ্য অতিথি হিচাপে থাকি চূড়ান্ত খেলৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। স্বৰ্গীয় গুনোধৰ ৰাজবংশী আৰু শ্ৰীমতী ৰাজবংশীৰ সোঁৱৰণত প্ৰতিবছৰে ফুটবল ট্ৰফী চলি আহিছে। এইবেলি বিজয় গাঁও আঞ্চলিক ৰত্নপীঠ সংঘ আৰু পুথি ভঁড়ালৰ ৰূপালী জয়ন্তী উপলক্ষে বিজয়গাঁও ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হোৱা গুনোধৰ ৰাজবংশী আৰু শ্ৰীমতী ৰাজবংশী সোঁৱৰণী ফুটবল খেলৰ সোমবাৰে অনুষ্ঠিত চূড়ান্ত খেলত কাকাৰাগাঁও ৰাভা পাৰা এফ চি বনাম কুৰ্শাকাটি এন্টিভাইৰাছৰ মাজত অনুষ্ঠিত ৰোমাঞ্চকৰ খেলত কাকৰাগাঁও ৰাভাপাৰা এফচিয়ে কুৰ্শাকাটী এন্টিভাইৰাছ দলক ২-১ গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

ক'ত কেনেদৰে গ'ল দিব লাগে মই জানোঃ হাগ্ৰামা

চিৰাং জিলাৰ বাসুগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বিজয়গাঁওৰ ৰত্নপীঠ খেল পথাৰত অনুষ্ঠিত আজিৰ চূড়ান্ত খেলত উপস্থিত থাকে প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। সোমবাৰৰ চূড়ান্ত খেলত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে খেলখনৰ শুভাৰম্ভ কৰি দিয়াৰ লগতে আগন্তুক ২০২১ বৰ্ষত খেল পথাৰখনৰ বাবে আঢ়ৈ কোটিৰ পৰা তিনি কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰে। তেওঁ বিটিচি পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত কয় যে, ক‘ত কেনেদৰে গ'ল দিব লাগে সেয়া মই জানো । মই অৰিজিনেল ফুটবল প্লেয়াৰ বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে ।

লগতে পঢ়ক: JEE কেলেংকাৰী : 7 দিনৰ আৰক্ষী জিম্মালৈ মূল অভিযুক্ত ভার্গৱ ডেকা

ABOUT THE AUTHOR

...view details