চিৰাং, 19 এপ্ৰিল: চিৰাং জিলাৰ কেইজন মান হৃদয়ৱান যুৱকে ওলাই আহিল ফুটপাথৰ কুকুৰ আৰু বিভিন্ন চৰাই চিৰিকটি বোৰৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ ৷
চিৰাঙত ফুটপাথৰ কুকুৰ আৰু বিভিন্ন চৰাই চিৰিকটিক খাদ্যৰ যোগান - চিৰাং জিলাৰ ঢালিগাঁও
দীৰ্ঘ দিন লক ডাউনৰ ফলত চহৰে-নগৰে ঘুৰি ফুৰা কুকুৰ, বিভিন্ন চৰাই চিৰিকটিবোৰ খাদ্যৰ সংকটত পৰিছে । যাৰ বাবে আব্দুল কালাম নামৰ যুৱকজনৰ নেতৃত্বত পাঁচ জনীয়া যুৱকৰ এটা দলে খাদ্যৰ যোগান ধৰে কুকুৰ,চৰাই-চিৰিকটি আদিক ৷ ৷

চিৰাঙত ফুটপাথৰ কুকুৰ আৰু বিভিন্ন চৰাই চিৰিকটিক খাদ্যৰ যোগান
লক ডাউনৰ সময়ত বজাৰ সমাৰ বন্ধ,দোকান বন্ধ,মানুহৰ যাতায়াত সমাগম বন্ধ হৈ পৰাত খাদ্যৰ অভাৱত পৰিছে এই সমুহ প্ৰাণী। চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁওৰ আব্দুল কালাম নামৰ যুৱকজনৰ নেতৃত্বত পাঁচ জনীয়া যুৱকৰ দলটোৱে জিলাখনৰ ঢালিগাঁও,কাজলগাঁওৰ লগতে অন্যান্য প্ৰান্তৰ বজাৰ, বিদ্যালয়,মছজিদ আদিৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত কুকুৰ তথা অন্যান্য প্ৰাণী,চৰাই চিৰিকটিৰ বাবে খাদ্যৰ যোগান ধৰে ৷
ফুটপাথৰ কুকুৰ আৰু বিভিন্ন চৰাই চিৰিকটিক খাদ্যৰ যোগান